দেশত বৃদ্ধি পাইছে শিশু শ্ৰমিকঃ শিশু সৰবৰাহত প্ৰথম স্থানত উত্তৰ প্ৰদেশ

দেশত বৃদ্ধি পাইছে শিশু শ্ৰমিকঃ শিশু সৰবৰাহত প্ৰথম স্থানত উত্তৰ প্ৰদেশ

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে শিশু শ্ৰমিক তথা শিশু সৰবৰাহৰ ঘটনা। শিশু সৰবৰাহৰ ক্ষেত্ৰত দেশৰ প্ৰথম তিনিটা স্থানত আছে ক্ৰমে উত্তৰ প্ৰদেশ, বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশ। এটা বেচৰকাৰী সংস্থাই কৰা গৱেষণাত প্ৰকাশ পাইছে এই তথ্য। তথ্য় অনুসৰি ৰাজ্যকেইখনত ২০১৬ৰ পৰা ২০২২ চনৰ ভিতৰত সৰ্বাধিক সংখ্যক শিশু সৰবৰাহ কৰা ঘটনা সংঘটিত হৈছে। আনহাতে দিল্লীতো কোভিডৰ আগৰ সময়চোৱাৰ পৰা কোভিডৰ পিছৰ সময়ৰলৈকে ৬৮ শতাংশ শিশু সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে।

নবেল শান্তি বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীৰ দ্বাৰা প্ৰতিষ্ঠিত গেমচ২৪এক্স৭ আৰু কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচন (কেএছচিএফ)ৰ দ্বাৰা যুটীয়াভাৱে সংকলিত 'ভাৰতত শিশু সৰবৰাহঃ পৰিস্থিতিগত তথ্য বিশ্লেষণৰ পৰা অন্তৰ্দৃষ্টি আৰু প্ৰযুক্তি-চালিত হস্তক্ষেপ ৰণনীতিৰ প্ৰয়োজনীয়তা' শীৰ্ষক এক বিস্তৃত প্ৰতিবেদনত এই তথ্য উন্মোচিত হয়। প্ৰতিবেদন অনুসৰি শিশু সৰবৰাহৰ ক্ষেত্ৰত শীৰ্ষ জিলাত ৰাজস্থানৰ জয়পুৰ চহৰ দেশৰ হটস্পট হিচাবে পৰিগণিত হৈছে।

উল্লেখ্য গেমচ২৮এক্স৭য়ে সংগ্ৰহ কৰা তথ্যসমূহ ২০১৬ চনৰ পৰা ২০২২ চনলৈ ২১খন ৰাজ্যৰ ২৬২খন জিলাৰ পৰা সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত, ১৮বছৰৰ তলৰ প্ৰায় ১৩,৫৪৯ টা শিশু উদ্ধাৰ কৰে সংস্থাটোৱে। প্ৰতিবেদনখনত প্ৰকাশ কৰা মতে উদ্ধাৰ কৰা শিশুৰ ৮০ শতাংশ ১৩ ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰত। আনহাতে ১৩ শতাংশৰ বয়স ৯ৰ পৰা ১২বছৰ, আৰু ২ শতাংশতকৈ ওপৰৰ শিশু ৯বছৰতকৈও কম বয়সৰ আছিল।

তদুপৰি প্ৰতিবেদনখনে উন্মোচন কৰা তথ্যত উদ্যোগসমূহত শিশু শ্ৰমিকৰ সংখ্যা বাঢ়ি যোৱাৰ সমান্তৰালভাবে হোটেল আৰু ধাবাবোৰত সৰ্বাধিক সংখ্যক শিশু শ্ৰমিক (১৫.৬শতাংশ), আৰু তাৰ পাছতে পৰিবহন উদ্যোগ (১৩শতাংশ) শিশু শ্ৰমিক পোৱা গৈছে বুলি প্ৰকাশ কৰে। প্ৰতিবেদন প্ৰকাশ কৰা এই শিশু শ্ৰমিকৰ তথ্যত এতিয়া চিন্তিত দেশৰ সচেতন মহল।

দেশত বৃদ্ধি পাইছে শিশু শ্ৰমিকঃ শিশু সৰবৰাহত প্ৰথম স্থানত উত্তৰ প্ৰদেশ
মাজুলীত পথ নিৰ্মাণত দুৰ্নীতিঃ নিৰ্মাণৰ পাছতেই চপৰা-চপৰে এৰিছে পকী পথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in