মাজুলীত পথ নিৰ্মাণত দুৰ্নীতিঃ নিৰ্মাণৰ পাছতেই চপৰা-চপৰে এৰিছে পকী পথ

মাজুলীত পথ নিৰ্মাণত দুৰ্নীতিঃ নিৰ্মাণৰ পাছতেই চপৰা-চপৰে এৰিছে পকী পথ

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি। নিমাৰ্ণৰ পিছতেই গোৱালগাঁও-পহুমৰা পথটো চপৰা-চপৰে এৰি পৰা দেখিবলৈ পোৱা গৈছে। পথ নিৰ্মাণত হোৱা এই ভয়ংকৰ দুৰ্নীতিৰ বাতৰি ৰাইজৰ অভিযোগৰ ভিত্তিত যোৱা ২০ জুলাইতে অসমীয়া প্ৰতিদিন ডিজিটেল তথা প্ৰতিদিন টাইমত সম্প্ৰচাৰ হৈছিল।

লখিমপুৰৰ সাংসদৰ অতি ঘনিষ্ঠ বিৰ্তকিত ঠিকাদাৰ জনৈক পেগুৱে নিজৰ মইমতালিৰে নিৰ্মাণ কৰিছে এই পথ। স্থানীয় ৰাইজৰ প্ৰতিবাদ আৰু বাতৰিলৈ গুৰুত্ব নিদিয়ে সাংসদৰ আৰ্শীবাদপ্ৰাপ্ত ঠিকাদাৰ পেগুৱে। যোৱা ২০ জুলাইতে একাংশ ৰাইজে বিভাগীয় অভিযন্ত্ৰাক ঘেৰাও কৰি বাকযুদ্ধ কৰিছিল। নামনি মাজুলীৰ গুৱাল গাঁৱৰ পৰা পহুমৰা সংযোগী মূল পথটি পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্নীতিৰ বাবে প্ৰশ্ন উত্থাপন কৰিছিল।

উল্লেখ্য পূৰ্বে নিৰ্মাণ কৰা পথ ভাঙি যোৱা অংশত চাফা নকৰাকৈ পুনৰ নিৰ্মাণ কৰিছিল ঠিকাদাৰজনে। পথটো ব্ৰাছ মাৰি চাফ- চিকুন নকৰাকৈ লগতে গাত সমূহত বালি আৰু শিলৰ সলনি মাটি ব্যৱহাৰৰ কৰাৰ পৰিণতিত এতিয়া উক্ত পথটো চটাচটে এৰাই গৈছে। আনহাতে পূৰ্বেও পথ মেৰামতিৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উঠিছিল পূৰ্বৰ ঠিকাদাৰৰ ওপৰত।

প্ৰাককলন মতে কাম নকৰাৰ পৰিণতিত পথৰ এই অৱস্থাত ক্ষোভিত ৰাইজে কাম বন্ধ কৰি দিয়ে। প্ৰতিকিলোমিটাৰত ২০ লাখকৈ টকা ধাৰ্য কৰা এই পথৰ এনে সস্তিয়া মেৰামতিৰ বাবে স্থানীয় ৰাইজে ক্ষোভ উজাৰিছে বিৰ্তকিত ঠিকাদাৰ জনৈক পেগুৰ বিৰুদ্ধে।

মাজুলীত পথ নিৰ্মাণত দুৰ্নীতিঃ নিৰ্মাণৰ পাছতেই চপৰা-চপৰে এৰিছে পকী পথ
অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in