Advertisment

চিচিবৰগাঁৱত ৭৪ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি দ্বিতীয় শ্ৰেণীৰ শিশু...

শিশুটিক হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া লগতে শিশুটিৰ পৰিয়ালে দেওবাৰে নিশাই চিচিবৰগাঁও আৰক্ষী চকীত বীৰেণ চুতীয়াৰ বিৰুদ্ধে এজাহাৰ দিয়ে যদিও বৰ্তমানেও পলাতক লম্পট বীৰেণ চুতীয়া। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
x

ডিজিটেল সংবাদ,চিলাপথাৰঃ  চিচিবৰগাঁৱৰ সমীপৰ টকৌবাৰী গাঁৱত সংঘটিত হৈছে মানৱ সভ্যতাক লজ্জানত কৰা এক নিকৃষ্ট ঘটনা। এটা ৭৪ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হয় এটি দ্বিতীয় শ্ৰেণীত অধ্যয়ণৰত ৭ বছৰীয়া কন্যা শিশু। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি যোৱা দেওবাৰে আবেলি প্ৰায় ৩ বজাত লগৰ কেইটামান শিশুৰ লগত ঘৰৰ কাষৰে এঘৰত খেলি আছিল।

Advertisment

সেই সময়তে কন্যাটিৰ ককাকৰ লগত চুবুৰীয়া বীৰেণ চুতীয়া নামৰ ৭৪ বছৰীয়া লম্পটজনে শিশুটিৰ হাতত ধৰি লগৰীয়া সকলৰ মাজৰ পৰা কাষতে থকা হাবিৰ মাজলৈ টানি নি অসৎ কামনা চৰিতাৰ্থ কৰে। অধাঘণ্টামানৰ পিছত লগৰীয়া এগৰাকী ছোৱালীয়ে ঘটনাটোৰ কথা শিশুটিৰ মাকক অৱগত কৰে।

লগে লগে ঘৰখনত হুৱাদুৱা লাগে আৰু শিশুটিক হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে। সেই সন্দৰ্ভত শিশুটিৰ পৰিয়ালে দেওবাৰে নিশাই চিচিবৰগাঁও আৰক্ষী চকীত বীৰেণ চুতীয়াৰ বিৰুদ্ধে এজাহাৰ দিয়ে যদিও বৰ্তমানেও পলাতক লম্পট বীৰেণ চুতীয়া। 

সোমবাৰে ঘটনাস্থলিত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ উচ্চ পৰ্য্যায়ৰ বিষয়া সকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বীৰেণ চুতীয়াক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে কন্যা শিশুটিৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

 

চিচিবৰগাঁও