প্ৰচাৰ কাৰ্যসূচীৰ শুভাৰম্ভঃ আজি মাজুলীত মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী...

প্ৰচাৰ কাৰ্যসূচীৰ শুভাৰম্ভঃ আজি মাজুলীত মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী...

ডিজিটেল ডেস্কঃ আজি ১এপ্ৰিল। আজিৰে পৰা লোকসভা নিৰ্বাচন-২৪ৰ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মাজুলীৰ পৰা চাইকেল ৰেলীৰে এইবাৰৰ প্ৰচাৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। চাইকেল ৰেলীৰ পাছতে এখন সভাতো অংশ লব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই প্ৰচাৰ কাৰ্যসূচী সন্দৰ্ভত পুৱাই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিলে এনেদৰে- আজি প্ৰিয় মাজুলীবাসীৰ আশিস কামনাৰে গৈ আছোঁ বিজয় সংকল্প যাত্ৰা সম্বোধন কৰিবলৈ তথা আপোনালোকৰ সংগত এক চাইকেল ৰেলীত অংশগ্ৰহণ কৰিবলৈ... এতিয়া লগ পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছোঁ৷ এয়া মাথোঁ আৰম্ভণি আমাৰ যাত্ৰাৰ, সন্মুখত লক্ষ্য 'এইবাৰ ৪০০ পাৰ'৷

উল্লেখ কৰা প্ৰয়োজন যে, মুখ্যমন্ত্ৰীগৰাকীক এই প্ৰচাৰ কাৰ্যসূচীত সংগ প্ৰদান কৰিব বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই।

প্ৰচাৰ কাৰ্যসূচীৰ শুভাৰম্ভঃ আজি মাজুলীত মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী...
১এপ্ৰিলঃ ঔষধ, সুৰাৰ দাম বৃদ্ধিকে ধৰি আজিৰে পৰা ৫টা বৃহৎ সালসলনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in