১এপ্ৰিলঃ ঔষধ, সুৰাৰ দাম বৃদ্ধিকে ধৰি আজিৰে পৰা ৫টা বৃহৎ সালসলনি...

১এপ্ৰিলঃ ঔষধ, সুৰাৰ দাম বৃদ্ধিকে ধৰি আজিৰে পৰা ৫টা বৃহৎ সালসলনি...

ডিজিটেল ডেস্কঃ আজি ১এপ্ৰিল। আজিৰে পৰা কেইবাটাও বৃহৎ সালসলনি হ'ব। আজিৰে পৰা ৮০০বিধা জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব। কিছুমান এণ্টি বেক্টেৰিয়েল, এণ্টি ফাংগাল, ইনফেকচনেল ঔষধৰ দাম বৃদ্ধি পাব আজিৰে পৰা। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে ২০২২ চনত বিভিন্ন ঔষধৰ দাম ১২, ১০ শতাংশ বৃদ্ধি হৈছিল।

ইফালে আজিৰ দিনটোৰ পৰা বৃদ্ধি পাব সুৰাৰ মূল্য। ১৫০টকাৰ পৰা ৩১২টকা পৰ্যন্ত বৃদ্ধি পাব সুৰাৰ মূল্য। জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৫২ টকাকৈ। ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৩০ টকাকৈ। লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ১৭৫ টকাকৈ। এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পাব ২২৫ টকাকৈ। ৭৫০ মিলি লিটাৰৰ বিয়েৰত বৃদ্ধি পাব ১৬ টকাকৈ।

আজিৰে পৰা এছ বি আই ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰটো কিছু সাল-সলনি হব। ১ এপ্ৰিল ২০২৪ৰ পৰা নিৰ্দিষ্ট SBI ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলে আৰু ৰেণ্ট পেমেণ্টৰ বাবে ৰিৱাৰ্ড পইণ্ট সংগ্ৰহ কৰিব নোৱাৰিব। এয়া এছ বি আই কাৰ্ড হোল্ডাৰৰ বাবে ডাঙৰ আঘাত বুলি অনুমান কৰিছে বিশেষজ্ঞ মহলে।

আজিৰে পৰা এন পি এছৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ লগতে ২০২৪-২৫বৰ্ষৰ শিক্ষাবৰ্ষৰ আৰম্ভণিও হ'ব।

১এপ্ৰিলঃ ঔষধ, সুৰাৰ দাম বৃদ্ধিকে ধৰি আজিৰে পৰা ৫টা বৃহৎ সালসলনি...
দেশজুৰি ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডৱঃ বংগত মৃত্যু ৪গৰাকী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in