কাৰ কপাল ফুঁলিব! ১২টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা লৈ দিল্লীলৈ মুখ্যমন্ত্ৰী আৰু অসম বিজেপিৰ সভাপতি...

কাৰ কপাল ফুলিব! ১২টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা লৈ দিল্লীলৈ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি...

author-image
Asomiya Pratidin
New Update
কাৰ কপাল ফুঁলিব! ১২টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা লৈ দিল্লীলৈ মুখ্যমন্ত্ৰী আৰু 
অসম বিজেপিৰ সভাপতি...

১২টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা লৈ দিল্লীলৈ মুখ্যমন্ত্ৰী আৰু অসম বিজেপিৰ সভাপতি...

ডিজিটেল ডেস্কঃ অসমৰ ১২টা লোকসভা সমষ্টিৰ তালিকা লৈ দিল্লীলৈ পুৱাই ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। লোকসভাৰ প্ৰাৰ্থিত্বক লৈ দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বৈঠকৰ অন্তত অসমৰ এই ১২টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত কৰা হব।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰতিটো লোকসভা সমষ্টিৰ দুজনীয়া পৰ্যবেক্ষকে বাচি দিয়া তালিকা দিল্লীলৈ ৰাওনা হোৱাৰ পাছতে অসমত বৃদ্ধি পাইছে জল্পনা-কল্পনা। ১২টা সমষ্টিৰ সম্ভাৱ্য এজনীয়া আৰু দুজনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰা হৈছে। ইয়াৰ ভিতৰৰ পৰা কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰিব প্ৰাৰ্থিত্ব।

উল্লেখ কৰা প্ৰয়োজন যে, বৃহস্পতিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ১০০জনীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। এই তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নাম সন্নিৱিষ্ট হৈ থাকিব।

Also Read: বিজেপিলৈ গ’ল আৰু তিনিগৰাকী বিৰোধী বিধায়ক...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা