বিজেপিলৈ গ’ল আৰু তিনিগৰাকী বিৰোধী বিধায়ক...

বিজেপিলৈ গ’ল আৰু তিনিগৰাকী বিৰোধী বিধায়ক...

author-image
Asomiya Pratidin
New Update
বিজেপিলৈ গ’ল আৰু তিনিগৰাকী বিৰোধী বিধায়ক...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, সিমানেই ৰাজ্যই ৰাজ্যই উঠিছে দল-বাগৰা নেতাৰ উজান। ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে মহাজোঁটত জোঁটপোট লগাই এইবাৰ বিহাৰত শাসকীয় বিজেপিত চামিল হ’ল তিনি বিৰোধী বিধায়ক। মঙলবাৰে বিজেপিৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে কংগ্ৰেছৰ দুগৰাকী আৰু ৰাষ্ট্ৰীয় জনতা দলৰ এগৰাকী নিৰ্বাচিত বিধায়কে।

Advertisment

মঙলবাৰে দল সলনি কৰা বিধায়কসকল হৈছে মুৰাৰী প্ৰসাদ গৌতম, সিদ্ধাৰ্থ সৌৰভ আৰু সংগীতা কুমাৰী। বিজেপিত যোগদানৰ পিছতে তিনিওজনে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাক সাক্ষাৎ কৰে। উল্লেখ্য যে, মাত্ৰ এমাহ পূৰ্বে বিৰোধীৰ মিত্ৰজোঁট এৰি বিজেপিৰ শৰণাপন্ন হৈ 'ইণ্ডিয়া’ মিত্ৰজোঁটত মোক্ষম আঘাত হানিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

কংগ্ৰেছ আৰু আৰজেডিৰ সৈতে মিলি চৰকাৰ চলাই থকাৰ মাজতে তেওঁ লুটিবাগৰ মাৰি পুনৰ চামিল হৈছিল এন ডি এত। ইয়াৰ পিছতে এইবাৰ তিনি বিধায়কৰ বিজেপি গমনে বিহাৰত বিৰোধীৰ ঐক্যত প্ৰভাৱ পেলাব বুলি আশংকা কৰিছে বিশ্লেষকসকলে। আজি বিজেপিত চামিল হোৱা বিধায়ক কেইজনৰ মাজত আছে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি মদন মোহন ঝাৰ পুত্ৰ সিদ্ধাৰ্থ সৌৰভো।

যোৱা বিধানসভা নিৰ্বাচনত বিক্ৰম সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল সিদ্ধাৰ্থ সৌৰভ। আজি তেওঁৰ লগতে চেনাৰীৰ বিধায়ক মুৰাৰী প্ৰসাদ গৌতম আৰু মহনীয়া সমষ্টিৰ বিধায়িকা সংগীতা কুমাৰীয়েও বিজেপিত যোগদান কৰে।

এই বিধায়কসকলে বিজেপিত যোগদান কৰাৰ লগে লগে লোকসভা নিৰ্বাচনৰ বাবে ইণ্ডিয়াৰ ঐক্যজোঁটৰ আসন ভাগ-বতৰাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনত বিহাৰত আৰজেডি আৰু বাওপন্থী দলৰ সৈতে মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে।

bihar bjp bihar