মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ, ভাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ, ভাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ, ভাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ, ভাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী আৰু ভাতৃ দিগন্ত বিশ্ব শৰ্মাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। জাগীৰোডৰ শিলচাঙত সংঘটিত হৈছে এই ঘটনা।

Advertisment

উল্লেখ্য যে, দুয়োগৰাকীয়ে গুৱাহাটীৰ পৰা ডিফুলৈ এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল। তেনে সময়তে একেটা দিশেৰে গৈ থকা এখন স্ক'ৰপিঅ' বাহনে খুন্দিয়াই তেওঁলোকৰ বাহনখনক।

ঘটনা সংঘটিত কৰি পলায়ন কৰে স্ক'ৰপিঅ' বাহনখন। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

এই দুৰ্ঘটনাত মুখ্যমন্ত্ৰীৰ মাতৃ আৰু ভাতৃয়ে সামাণ্য আঘাত পাইছে। অৱশ্যে দুয়ো বিপদমুক্ত।

ক্লিক কৰি পঢ়কঃ খেল চাবলৈ আহিছেনে ? গুৱাহাটীত হ'ব আজি বিশ্বকাপৰ আখৰা...

হিমন্ত বিশ্ব শৰ্মা দিগন্ত বিশ্ব শৰ্মা মৃণালিনী দেৱী