খেল চাবলৈ আহিছেনে ? গুৱাহাটীত হ'ব আজি বিশ্বকাপৰ আখৰা...

খেল চাবলৈ আহিছেনে ? গুৱাহাটীত হ'ব আজি বিশ্বকাপৰ আখৰা...
খেল চাবলৈ আহিছেনে ? গুৱাহাটীত হ'ব আজি বিশ্বকাপৰ আখৰা...

ডিজিটেল ডেস্কঃ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়া মেচ। মেচৰ পূৰ্বে বৰ্ষাপাৰা ষ্টেডিয়ামৰ চৌপাশে অসম আৰক্ষীয়ে গঢ়ি তুলিছে অভেদ্য দুৰ্গ।

নিৰাপত্তাৰ ক্ষেত্ৰত কোনো বিসংগতি যাতে নহয় তাৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি থকা হৈছে। বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হোৱা এই মেচখন দুয়োটা দলৰ লগতে অসম ক্ৰিকেট সন্থাৰ বাবেও অতি গুৰুত্বপূৰ্ণ।

আজিৰ মেচখনৰ সফলতাৰ ওপৰতেই নিৰ্ভৰ কৰিব অসম ক্ৰিকেট সন্থাই বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ পোৱা, নোপোৱাৰ বিষয়টোৱে। ইফালে এই মেচখনৰ পূৰ্বে আত্মবিশ্বাসী হৈ আছে অধিনায়ক তথা হিটমেন ৰোহিত শৰ্মা।

উল্লেখ্য যে সোমবাৰে ভাৰত, শ্ৰীলংকা দুয়োটা দলৰে অধিনায়কে বৰ্ষাপাৰাত সংবাদমেল সম্বোধন কৰে। সংবাদমেলত শ্ৰীলংকাৰ অধিনায়ক ডাছন চনকাৰে বৰ্ষাপাৰাৰ পিটছ চাই মেচখন হাইস্ক'ৰৰ হ'ব বুলি আশা প্ৰকাশ কৰে। চনকাৰ মতে বিৰাট কোহলি বা ৰোহিত শৰ্মাৰ দললৈ প্ৰত্যাৱৰ্তনে খেলখন শ্ৰীলংকাৰ বাবে কঠিন কৰি তুলিব ।

সংবাদ মেলত ৩৬০ ডিগ্ৰী শ্বট খেলা ভাৰতীয় বেটাৰ সূৰ্য্য কুমাৰ যাদৱক প্ৰশংসা কৰি তেওঁ গুৱাহাটীত খেলৰ পৰিবেশ সুন্দৰ বুলি মন্তব্য কৰিছে। আনহাতে টি-২০ শৃংখলা জয় কৰি আত্মবিশ্বাসী হৈ থকা ৰোহিত শৰ্মাই এদিনীয়া শৃংখলাও দখল কৰিব পাৰিব বুলি আত্মবিশ্বাসী হৈ আছে।

মেচৰ পূৰ্বে ৰোহিত শৰ্মাই প্ৰকাশ কৰা অনুসৰি অপেনিং যুটিত ঈশান কিষাণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিও শুভমণ গিলক অপেনিং যুটিত ৰখাৰ ইংগিত দৈছে। যদি সেয়াই হয় তেন্তে ঈশান কিষাণক কোনটো স্থানত খেলাই সয়া হ'ব লক্ষ্যণীয়।

ইফালে মিডল অৰ্ডাৰ বেটছমেন সূৰ্য্য কুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ সুন্দৰ ফৰ্মত আছে । মন কৰিবলগীয়া যে, বিশ্বকাপৰ পূৰ্বে ঘৰুৱা মাটিত ৯ খনকৈ এদিনীয়া খেলিব টীম ইণ্ডিয়াই। এই মেচ কেইখনে বিশ্বকাপৰ বাবে ভাৰতীয় দলটোক প্ৰস্তুত হোৱাত সহায় কৰিব।

আজি দিনৰ ১ঃ৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেচখনৰ বাবে ১২ বজাত হোটেল ৰেডিশ্যন ব্লুৰ পৰা আহি ষ্টেডিয়ামত উপস্থিত হ'ব ভাৰতীয় দলটো। দলটোৱে মেচৰ পূৰ্বে কৰিব নিয়ম মাফিক ৱাৰ্ম আপ। মেচখন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়, তাৰবাবে কটকটীয়া হৈছে নিৰাপত্তা বেষ্টনি ।

তাৰ মাজতে এখন হাই ভল্টেজ মেচ চাবলৈ উদগ্ৰীৱ হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেট অনুৰাগী। এখন ক্ৰটিহীন মেচ অনুষ্ঠিত কৰিবলৈ সাজু অসম ক্ৰিকেট সন্থা । ইয়াৰ বাবে দৰ্শকসকলৰ বাবেও নিৰ্দিষ্ট কৰি দিছে কেতবোৰ নীতি নিয়ম।

সেই অনুসৰি মেচ চাবলৈ লগত মাত্ৰ মোবাইল, মানি বেগ আৰু পতাকাৰ বাহিৰে আন একো সামগ্ৰী লৈ যাব নোৱাৰিব। খাদ্য সামগ্ৰীৰ বাবে ষ্টেডিয়ামৰ ভিতৰতেই কৰিছে বিশেষ ব্যৱস্থা। অৱশ্যে দৰ্শকৰ পৰা কোনো খাদ্যৰ বিপণীয়ে অধিক মূল্য সংগ্ৰহ কৰে তেনে তাৰ দৃশ্য সংগ্ৰহ কৰি অসম ক্ৰিকেট সন্থাৰ হাতত দিবলৈও অনুৰোধ জনাইছে সভাপতি তৰংগ গগৈয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in