কোভিড প্রট'কল মানি চলিবলৈ অসমবাসীক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

কোভিড প্রট'কল মানি চলিবলৈ অসমবাসীক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
কোভিড প্রট'কল মানি চলিবলৈ অসমবাসীক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

ডিজিটেল সংবাদ ধেমাজিঃ এবছৰৰ পুৰ্বে সমগ্ৰ বিশ্বত কোভিড মহামাৰীত লাখ লাখ লোকৰ জীৱন কাঢ়ি নিয়াৰ পিছত পুনৰ চীনত কোৰোনাৰ মৃত্যু কিৰিলিত আতংক বিয়পি পৰিছে দেশৰ লগতে অসমতো ৷ চীনত নৰসংহাৰ সৃষ্টি কৰা কোৰোনাৰ অ'মিক্ৰনৰ উপৰূপ বি এফ-৭ প্ৰজাতিত ভাৰতত আক্ৰান্তৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পোৱাৰ সময়তে ধেমাজিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

আজি ধেমাজিত 'বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১২২০.২১ কোটি টকাৰ আঁচনিৰ শিলান্যাস কৰে। ইয়াতেই তেওঁ সাংবাদিকৰ আগত কয়, কোভিড মহামাৰীত একেলগে ৫০ হাজাৰ মানুহ আক্ৰান্ত হ'লে চিকিৎসালয় বোৰত কি পৰিস্থিতিৰ সৃষ্টি হয় সেয়া সকলোৱে দেখিছে।

তেওঁ এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ সকলোৱে কোভিডৰ নীতিনিয়ম মানি চলিব। সকলোৱে মাক্স পৰিধান কৰা, সামাজিক দুৰত্ব বজাই ৰখা আদি নীতিনিয়মবোৰ মানি চলিলে অসমৰ ৰাইজে কোভিড মহামাৰীৰ পৰা ৰক্ষা পৰিব বুলি উল্লেখ কৰে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ সমিতিৰ মতে ধেমাজি জিলাত চিচিবৰগাওঁ নামেৰে আন এটা সমষ্টিসহ তিনিটা সমষ্টি হ'ব বুলি উল্লেখ কৰি ধেমাজি জিলাৰ প্ৰস্তাৱিত উক্ত তিনিটা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টি সংৰক্ষণ মুক্ত হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in