/asomiyapratidin/media/media_files/2025/03/31/8WyXERkwt53I3SeXIL8L.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ সমজিলাৰ অন্তৰ্গত বৰঙাবাৰীত ১১,৮৮,৭৭,১০০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জি এন এম আৰু পেৰামেডিকেল শৈক্ষিক প্ৰতিষ্ঠানখনৰ সোমবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই উপলক্ষে নৱ নিৰ্মিত শৈক্ষিক প্ৰতিষ্ঠানখনৰ সন্মুখত আজি বিয়লি প্ৰায় ২-৩০ বজাৰ পৰা অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা।
গহপুৰৰ জ্যেষ্ঠ বিজেপি নেতা নোমল বৰুৱাই আঁত ধৰা ৰাজহুৱা সভাখনত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, আগৰ চৰকাৰ বিলাকে কেৱল গুৱাহাটীখনৰ উন্নয়নৰ ওপৰতহে গুৰুত্ব দিছিল। কিন্তু এতিয়া বিজেপি চৰকাৰে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিছে। এইখন চৰকাৰৰ দিনত অসমৰ আন প্ৰান্তৰ দৰে বিশ্বনাথ জিলাত অভূতপূৰ্ব উন্নয়ন হোৱা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে চিকিৎসা মহাবিদ্যালয়ৰ পৰা টানেললৈকে, বিশ্ববিদ্যালয়ৰ পৰা জিএন এম স্কুললৈকে উন্নয়নৰ ঢল বৈছে জিলাখনত।
গহপুৰৰ শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে এইখন চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ছয়দুৱাৰ মহাবিদ্যালয়ে শেহতীয়াভাবে লাভ কৰা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি গহপুৰৰ বাবে আন এক ভাল খৱৰ। গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত তেওঁ ভোলাগুৰি চাহ বাগিচাত স্থাপন হ'বলগীয়া কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰসংগত কয় যে এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে ৫৫০ কোটি টকা ধাৰ্য্য কৰা হৈছে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ দুগুণ আকাৰত নিৰ্মাণ হ'ব বিশ্ববিদ্যালয়খন। অহা এশ বছৰৰ বাবে যাতে বিশ্ববিদ্যালয়খন প্ৰাসংগিক হৈ ৰয় তাৰ ওপৰত পাঠ্যক্ৰম প্ৰস্তুত কৰি গঢ়ি তোলা হ'ব বিশ্ববিদ্যালয়খনৰ আন্ত:গাঁঠনি। বিভিন্ন নিয়মীয়া পাঠ্যক্ৰমৰ উপৰিও আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট, মেচিন লাৰ্নিংকে ধৰি নতুন প্ৰযুক্তি আৰু জ্ঞানৰ চৰ্চাৰ অন্যতম মাধ্যম হ'ব বিশ্ববিদ্যালয়খন।
বীৰাংগনা কনকলতা বৰুৱাৰ জন্মশতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত অহা চেপ্তেম্বৰ-অক্টোবৰ মাহত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গহপুৰ-নুমলীগড় সংযোগী সুৰংগ, কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় আদিৰ ন ন সংযোজনে অনাগত দিনত গহপুৰক গুৱাহাটী, ডিব্ৰুগড়ৰ সমপৰ্য্যায়লৈ লৈ যাব বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ চৰকাৰে কেৱল লুঙী আৰু সূতা-কম্বলৰ মাজত উন্নয়ন দেখিছিল। এতিয়া বিজেপি চৰকাৰৰ দিনত অসমে দলং ,টানেল, ৰোপ ৱে, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আদিৰ মাজেৰে উন্নয়ণৰ কথা পাতিবলৈ লৈছে।
পূৰ্বৰ চৰকাৰসমূহৰ দিনত উত্তৰ অসম বহু দিশৰ পৰা অৱহেলিত হৈ থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান উত্তৰ অসমত উন্নয়নৰ ধাৰা প্ৰবাহিত হৈছে। গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈ গাড়ীৰে ৩-৩০/ ৪-৩০ ঘণ্টাৰ ভিতৰত পাব পৰাৰ এক সুন্দৰ যাতায়ত ব্যৱস্থাৰ সৃষ্টি হৈছে। পূৰ্বতে এনে পৰিৱেশ নাছিল।
ভাষণ প্ৰসংগত তেওঁ অহা এক এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা প্ৰতি ইউনিটত এটকাকৈ বিদ্যুতৰ বিল কমিব বুলি উল্লেখ কৰি অহা নৱেম্বৰ মাহৰ পৰা পুনৰ প্ৰতি ইউনিটত এটকাকৈ কমাবৰ বাবে চিন্তা চৰ্চা কৰা বুলি উল্লেখ কৰে। স্মাতক উত্তীৰ্ণ ছাত্রসকলক এইবছৰৰ পৰা এবছৰলৈ মাহে ২৫০০ টকাকৈ দিয়াৰ বাবেও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ভাষণত উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ক্ষেত্ৰত অহা ৩ এপ্ৰিলৰ পৰা ১৫ দিনলৈকে হিতাধিকাৰীয়ে নিজেই জি'অ টেক কৰিব পাৰিব বুলি তেওঁ ভাষণত উল্লেখ কৰি লাখপতি বাইদেউ আঁচনিৰ অধীনত কাইলৈ প্ৰথম পৰ্য্যায়ত ২৪ হাজাৰ গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ দিয়াৰ কথা ভাষণত উল্লেখ কৰে। বিহালীৰ পৰা আৰম্ভ হ'ব এই ১০ হাজাৰ টকা দিয়াৰ প্ৰক্ৰিয়া।
আজিৰ সভাত স্বাস্থ্য মন্ত্ৰী অশোক সিংহল, পৰিবহন মন্ত্ৰী যোগেন মহন, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰ, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ পল্লৱলোচন দাস, বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, গহপুৰ সমজিলাৰ আয়ুক্ত লুকুমণি বৰা, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম দাস প্ৰমুখ্যে বহু বিশিষ্ট লোক উপস্থিত থাকে।