উৰিয়ামঘাটৰ উচ্ছেদিত স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গোলাঘাট জিলাৰ অন্তগৰ্ত অসম-নগালেণ্ড সীমান্তবৰ্তী ৰেংমা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা একাংশ সন্দেহজনক নাগৰিকৰ প্ৰায় ১১ হেজাৰ বিঘা  বনভূমি উচ্ছেদ কৰিবৰ বাবে বনবিভাগে পাঁচদিনৰ সময়সীমা বান্ধি দি ইতিমধ্যে পৰিয়ালসমূহলৈ জাননী প্ৰেৰণ কৰিছে

author-image
Asomiya Pratidin
New Update
tamul

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট জিলাৰ অন্তগৰ্ত অসম-নগালেণ্ড সীমান্তবৰ্তী ৰেংমা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা একাংশ সন্দেহজনক নাগৰিকৰ প্ৰায় ১১ হেজাৰ বিঘা  বনভূমি উচ্ছেদ কৰিবৰ বাবে বনবিভাগে পাঁচদিনৰ সময়সীমা বান্ধি দি ইতিমধ্যে পৰিয়ালসমূহলৈ জাননী প্ৰেৰণ কৰিছে ৷ এই জাননী লাভ কৰাৰ পিছৰেপৰা আৰু মাত্ৰ দুটাদিন বাকী থকা অৱস্থাত অঞ্চলটোৰ পৰা নিতৌ শতাধিক গাড়ী-মটৰত প্ৰায় ৭০%  পৰিয়ালে নিজৰ নিজৰ ঘৰৰ সা-সামগ্ৰীসমূহ লৈ ৰাজ্যখনৰ বিভিন্ন জিলালৈ আঁতৰি গৈছে ৷

Advertisment

ইফাল শুকুৰবাৰে উচ্ছেদ হ’বলগীয়া দয়ালপুৰ, মধুপুৰ, খেৰবাৰী , পিঠাঘাট আদি গাঁওসমূহ পৰিদৰ্শন কৰি বৃহৎ বৃহৎ তামোলৰবাৰীসমূহ প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰে ৷  উচ্ছেদ হ’বলগীয়াস্থান সমূহ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকককয় যে , অঞ্চলটোত একো একোজন বেদখলকাৰীয়ে বৃহৎ বৃহৎ পৰিমানৰ ভূমি অধিগ্ৰহণ কৰি তামোলবাৰীৰ লগতে অন্যান্য কাৰ্যত ব্যৱহাৰ কৰি এক আৰ্থিক কেন্দ্ৰ ৰূপে গঢ়ি তুলিছে ৷ চৰকাৰে এই ক্ষেত্ৰত নিৰৱে থাকিব নোৱাৰে ৷

WhatsApp Image 2025-07-25 at 11.24.01 PM

ৰেংমা সংৰক্ষিত বনাঞ্চলত ৰাজ্যখনৰ উপৰিও বহিৰাজ্যৰ পৰাও বহু লোক আহি বেদখল কৰিছেহি ৷ উচ্ছেদকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ পৰাও সহযোগিতা বিচাৰে ৷

উল্লেখ্য যে আজি দিনৰ প্ৰায়  ডেৰ বজাত অসম-নগালেণ্ড সীমান্তৰ বিদ্যাপুৰ খেলপথাৰত ডিব্ৰুগড়ৰ পৰা আহি হেলিকপ্টাৰত অৱতাৰণ কৰে ৷ ইফালে প্ৰখৰ ৰ’দকে নেওচি মুখ্যমন্ত্ৰীগৰাকীক কাষৰ পৰা প্ৰত্যক্ষ কৰিবৰ বাবে সহস্ৰাধিক দৰ্শকে ভীৰ কৰেহি ৷

অসম-নগাৰাজ্যৰ একেবাৰে প্ৰান্তীয় অঞ্চলটোলৈ অহা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক বহু কেইটা দল-সংগঠণে  আদৰণি জনায় ৷ মন কৰিবলগীয়া যে আজিৰ উৎকট গৰমৰ বতৰত হঠাৎ অহা এজাক বৰষুণে মুখ্যমন্ত্ৰীগৰাকীক দৰ্শন পাবৰ বাবে অপেক্ষাৰত  ৰাইজক কিছু পৰিমাণে সকাহ দিয়ে ।

Dr. Himanta Biswa Sarma গোলাঘাট