ভাৰত-ভূটান সীমান্তৱৰ্তী পথ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিছমুৰী দীঘলীপাৰাৰ পৰা উল্টাপানী- সৰলপাৰা হৈ ভূটান সীমান্তলৈ যোৱা উক্ত পথ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে উক্ত পথটি অতি শীঘ্ৰেই নিৰ্মানৰ বাবে কাম-কাজ আৰম্ভ কৰা হ'ব বুলি সদৰী কৰে ।

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সীমান্তৱৰ্তী পথ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ভাৰত-ভূটান সীমান্তৱৰ্তী পথ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত -ভূটান সীমান্তবৰ্তী বিষমুৰী -উল্টাপানী-সৰলপাৰা পথ পৰিদৰ্শন কৰে । বিছমুৰী দীঘলীপাৰাৰ পৰা উল্টাপানী- সৰলপাৰা হৈ ভূটান সীমান্তলৈ যোৱা উক্ত পথ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে উক্ত পথটি অতি শীঘ্ৰেই নিৰ্মানৰ বাবে কাম-কাজ আৰম্ভ কৰা হ'ব বুলি সদৰী কৰে ।

Advertisment
ভাৰত-ভূটান সীমান্তৱৰ্তী পথ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ভাৰত-ভূটান সীমান্তৱৰ্তী পথ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

 

তেওঁ কয় যে, যোৱা লোকসভা নিৰ্বাচনত কাৰিগাঁৱৰ এখন সভাত তেওঁ উক্ত পথটি সুন্দৰ ৰূপত নিৰ্মান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেয়েহে আজি ভূটান সীমান্তলৈ নিৰ্মান হ'বলগীয়া সৰলপাৰা পথটি পৰিদৰ্শন কৰে । ৩৫ কিঃমিঃ দৈৰ্ঘ্যৰ বিষমুৰী-সৰলপাৰা গড়কাপ্তানি পথটো অতি সোনকালে নিৰ্মাণ কৰা হ'ব আৰু এই পথটি অত্যাধুনিক FULL DEPTH RECLAMATION (FDR) প্ৰযুক্তিৰে নিৰ্মান সম্পন্ন হ'ব, যাৰ নিৰ্ধাৰিত ব্যয় ২৬৮৭.৮৬ লাখ টকা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। 

ভাৰত-ভূটান সীমান্তৱৰ্তী পথ পৰিদৰ্শন
ভাৰত-ভূটান সীমান্তৱৰ্তী পথ পৰিদৰ্শন

 

লগতে উক্ত পথটি ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।  প্ৰাৰম্ভিক পৰ্যায়ত ধাৰ্য কৰা অনুদানতকৈ অধিক পৰমানৰ পুঁজি ধাৰ্য কৰি হ'লেও পথটি সৰ্বাংগ সুন্দৰ ৰূপত নিৰ্মান কৰা হ'ব, যাতে ভূটানৰ সতে যোগাযোগ ব্যৱস্থা উন্নত হয় বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

ভাৰত-ভূটান সীমান্তৱৰ্তী পথ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ভাৰত-ভূটান সীমান্তৱৰ্তী পথ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

 

আনহাতে অসমে আৰু এখন ৰাষ্ট্ৰীয় উদ্যান লাভ কৰাটো সুখবৰ আৰু পৰ্যটনৰ বাবেও এয়া সুখবৰ বুলি মন্তব্য কৰি প্ৰকৃতি সংৰক্ষণৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । উক্ত অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে অতি ব্যস্ততাৰ মাজতো মুখ্যমন্ত্ৰীয়ে স্বচক্ষে পথটি পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে লোৱা উদ্যোগক প্ৰশংসা কৰে আৰু মুখ্যমন্ত্ৰীৰ দুৰদৰ্শিতাৰ শলাগ লয় ।

kokrajhar pramod bodo btr Dr. Himanta Biswa Sarma