/asomiyapratidin/media/media_files/2025/04/01/JpisBxANVxSP6sDsgQjk.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা প্ৰকল্পৰ সাংস্কৃতিক ভৱনত বিয়লি ৪-০০ বজাৰ পৰা অনুষ্ঠিত বিজেপিৰ নদুৱাৰ সমষ্টিৰ এখন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ দলীয় তথা কাৰ্যকৰ্তা সন্মিলনখনত মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মীসকলক উদ্দেশ্যি ৰাজনৈতিক বক্তব্য আগবঢ়ায় ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক সাধাৰণ নিৰ্বাচনত ১০৫ খন বিধানসভাৰ আসন দখল কৰিব বুলিও বক্তব্য প্ৰদান কৰে ৷ ইয়াৰোপৰি আগন্তুক পঞ্চায়ত নিৰ্ব্বাচনত ব্যাপক জয় হ’ব বুলি মন্তব্য কৰাৰ লগতে অসমত যদি বিজেপি চৰকাৰ নাথাকে তেন্তে কংগ্ৰেছৰ নেতৃত্বত আকৌ লুঙি, টুপিৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি সদৰী কৰে ৷
উল্লেখ কৰি পাৰি যে, মুখ্যমন্ত্ৰীগৰাকীয়ে আহি থকা দিনত কেইবাখনো নতুকৈ উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ কথাও সভাত অৱগত কৰে ৷ এই সভাতেই মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনকলৈ বিজেপিৰ নদুৱাৰ সমষ্টি কমিটিয়ে প্ৰযোজনা কৰা এটি নিৰ্ব্বাচনকেন্দ্ৰিক গীতৰো শুভ উন্মোচন কৰে ৷
সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে জামুগুৰিহাটৰ মাৰ্কেটিং চচাইটি লিমিটেডস্থিত কন্যকা পেষ্টৰাইজ প্লেন্ট আৰু মিঠাই উদ্যোগ পৰিদৰ্শন কৰি অভিভুত হয় ৷