৯ বছৰৰ পাছত পুনৰ চৰ্চাত চোটা ৰাজন..

৯ বছৰৰ পাছত পুনৰ চৰ্চাত চোটা ৰাজন..

author-image
Asomiya Pratidin
New Update
৯ বছৰৰ পাছত পুনৰ চৰ্চাত চোটা ৰাজন..

ডিজিটেল ডেস্কঃ ৯ বছৰৰ অন্তত চৰ্চালৈ আহিছে কুখ্যাত গেংষ্টাৰ চোটা ৰাজন। দৰাচলতে চোটা ৰাজনৰ এখন ফ'টোৱে চ'চিয়েল মিডিয়াত খুব চৰ্চা লাভ কৰিছে। ক'ভিডত আক্ৰান্ত হৈ গেংষ্টাৰজনৰ মৃত্য়ু হোৱা বুলি এক উৰা বাতৰি প্ৰকাশ পাইছিল যদিও বৰ্তমান তেওঁৰ চৰ্চিত ফ'টোৱে চোটা ৰাজন সুস্থ বুলি স্পষ্ট কৰিছে।

Advertisment

তথ্য অনুসৰি গেংষ্টাৰজনৰ প্ৰকাশিত ফ'টোখন কৰোণা মহামাৰীৰ সময়ছোৱাৰ,সেই সময়ত চোটা ৰাজন ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। কিন্তু শেহতীয়াকৈ চ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা তেওঁৰ ফ'টোৱে মৃত্য়ুৰ বাতৰি মিথ্যা বুলি প্ৰমান কৰিছে।

গেংষ্টাৰজনৰ এখন ফটো এম্বুলেন্সৰ,আনখন এইমছত ভৰ্তিৰ সময়ৰ। খবৰ অনুসৰি, বৰ্তমান তিহাৰৰ ২ নম্বৰ কাৰাগাৰত আৱদ্ধ হৈ আছে চোটা ৰাজন। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো ২ নম্বৰ জেলতে ৰখা হৈছে।

Also Read: চতিয়াত নৃশংস হত্যাকাণ্ডঃ পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

chhota rajan chhota rajan first picture underworld don