৫০ফুট দ’ খাঁৱৈত পৰিল বাছ, ১২যাত্ৰীৰ মৃত্যু...

৫০ফুট দ’ খাঁৱৈত পৰিল বাছ,  ১২যাত্ৰীৰ মৃত্যু...

ডিজিটেল ডেস্কঃ পুৱতি নিশা চত্তীশগড়ত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ দেশত শোকৰ ছাঁ পেলাইছে। ৰাজ্যখনৰ দুৰ্গ জিলাৰ কুম্হাৰী এলেকাত এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই ৫০ফুট দ’ খাৱৈত পৰি ১২গৰাকীকৈ লোকৰ মৃত্যু হৈছে। মৃত লোকসকলৰ ভিতৰত ২গৰাকী মহিলা বুলি সদৰী কৰিছে প্ৰশাসনে। বাছখনত থকা অন্য যাত্ৰীসকলৰ ভিতৰত ১৫গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি,মঙলবাৰে নিশা নিজৰ কৰ্তব্যৰ পৰা উভতনি যাত্ৰাৰ সময়তে কৰ্মচাৰীৰে ভৰ্তি হৈ থকা বাছখন দুৰ্ঘটনাগ্ৰস্থ হয়। এটা উদ্যোগৰ কৰ্মচাৰী সকলক কঢ়িয়াই অনা এই বাছখনত ৪০ৰো অধিক কৰ্মচাৰী আছিল। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰো সম্ভাৱটা প্ৰকট কৰিছে উদ্ধাৰকাৰী দলে।

এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে শোকপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দুৰ্ঘটনাৰ সবিশেষ খবৰ মুখ্যমন্ত্ৰীৰ পৰা ফোনযোগে লৈছে বুলি জানিব পৰা গৈছে।  ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে উক্ত দুৰ্ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে।

৫০ফুট দ’ খাঁৱৈত পৰিল বাছ,  ১২যাত্ৰীৰ মৃত্যু...
বহমথুৰী বিহু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত বিহুনাচ -ঢোল বাদন কৰ্মশালাৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in