/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3535a24c-d11d-4430-bf33-2e7f8dbc9f8d/cb69ea4c_6ba5_4af5_8a52_76487c0bfd58.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বিহুক আদৰাৰ বাবে চৌদিশে চলিছে ব্যাপক প্ৰস্ততি। বিহু ওচৰ চাপি অহাৰ লগে লগে নাচনি ঢুলীয়াৰ গাত যেন ততেই নাই। বহমথুৰী বিহু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত বিহুনাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত শ শ কিশোৰী যুৱতীৰ বিহুুনাচৰ পৰিবেশত উখল-মাখল পৰিবেশৰ সৃষ্টি হয়।
বটদ্ৰৱাৰ সমীপৱৰ্তী পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত যোৱা ২৮ মাৰ্চৰ পৰা আৰম্ভ হোৱা কৰ্মশালাৰ মংগল বাৰে নিশা সামৰণি পৰে। সামৰণি অনুুষ্ঠান প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থিয়ে বিহুনাচ ঢোলবাদনৰ অনুষ্ঠান পৰিবেশন কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে।
উল্লেখযোগ্য যে, বহমথুৰী বিহু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত বিহুনাচ আৰু ঢোল বাদন কৰ্মশালাৰ মূখ্য প্ৰশিক্ষক হিচাপে জাগৃতি কলিতাই প্ৰশিক্ষণ প্ৰদান কৰিছিল। সামৰণি অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি লক্ষী বৰা, কাৰ্যকৰী সভাপতি শৰৎ ভূঞা, সম্পাদিকা ধন মনি ডেকাকে আৰু কৰি কেইবাগৰাকী ব্যক্তি ভাষন প্ৰদান কৰে।