আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতা

আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতা

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত ১৫সংখ্যক আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতাৰ সামৰণি পৰে। এই উপলক্ষে মঙলদৈ বণিক সন্থাৰ কাৰ্যালয়ত সভাপতি বিপুল ৰঞ্জন দে'ৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাৰ আয়োজন কৰা হয়।

সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কুমাৰ কলিতা, ক্ৰীড়া সংগঠক চামচুল হক হাজৰিকা, পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ মহৰ্ষি বিদ্যমন্দিৰৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ শৰ্মা, প্ৰবীণ ক্ৰীড়াবিদ উৎপল বেজবৰুৱা, প্ৰতিভা শইকীয়া ডেকা, মাধৱ শৰ্মা, ডাঃ ইজাজুল হক, ডাঃ অনিল শৰ্মা, সাংবাদিক গণেশ দত্ত, ৰূপমজিৎ শৰ্মা, মুকুল কলিতা, পৰেশ চন্দ্ৰ ডেকা আদিয়ে বঁটা প্ৰদান কৰে।

সম্পাদক মানৱ শৰ্মাই জনোৱা মতে, এই প্ৰতিযোগিতাৰ ৭ বছৰ অনুৰ্ধ ল'ৰা শাখাত দেবাংক্ষ কাশ্যপে প্ৰথম, শতাব্দজিৎ শৰ্মাই দ্বিতীয়, ছোৱালী শাখাত সাতভী প্ৰজ্ঞা শৰ্মাই প্ৰথম স্থান লাভ কৰে। ৯ বছৰ অনুৰ্ধ ল'ৰা শাখাত জিষ্ণু বৰ্মণে প্ৰথম, অৰ্মত্য শৰ্মাই দ্বিতীয়, কুনাল ভৰদ্বাজে তৃতীয়, সাগৰ নীল শৰ্মাই চতুৰ্থ, ৰোহিত কুমাৰ দাসে পঞ্চম, আৰমান জেদ আহমেদে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়।

ছোৱালী শাখাত চুগিন আহমেদে প্ৰথম, ১১ বছৰ অনুৰ্ধ ল'ৰা শাখাত ধ্ৰুৱজিৎ চহৰীয়াই প্ৰথম, জ্ঞানম দত্তই দ্বিতীয়, বৰ্ণিল চহৰীয়াই তৃতীয়, শুভম সাহাই চতুৰ্থ, ছোৱালী শাখাত ভাৰ্গৱী ভূঞাই প্ৰথম, ১৩ বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত মৃদুষ্মান কাশ্যপে প্ৰথম, ইকটিদাৰ চাকুব আহমেদে দ্বিতীয়, প্ৰিয়াঞ্চ ভৰদ্বাজে তৃতীয়, দেৱপ্ৰতিম বৰুৱাই চতুৰ্থ স্থান লাভ কৰে।

ছোৱালীৰ শাখাত নন্দিনী শৰ্মাই প্ৰথম, ১৫ বছৰ অনুৰ্ধ ল'ৰা শাখাত ৰংগন কাশ্যপে প্ৰথম, আদিত্য শৰ্মাই দ্বিতীয়, শেখ ৰিচান ইজাজে তৃতীয়, মোহন গগৈয়ে চতুৰ্থ, ছোৱালী শাখাত বিদিশা হাজৰিকাই প্ৰথম, ১৭ বছৰ অনুৰ্ধ শাখাত মহাৰ্ণৱ শিৱম নাথে প্ৰথম, ইৰফাত ইছলামে দ্বিতীয়, আয়েশেখৰ টানি ৰিংকুই তৃতীয়; গৌৰৱ ডেকাই চতুৰ্থ; ছোৱালী শাখাত ভাৰ্ষিতা চহৰীয়াই প্ৰথম স্থান লাভ কৰেষ

ইয়াৰোপৰি ১৯ বছৰ অনুৰ্ধ শাখাত আদিত্য চেত্ৰীয়ে প্ৰথম, চিন্ময় শিৱম নাথে দ্বিতীয়, চন্দনজ্যোতি কাশ্যপে তৃতীয়, প্ৰবীণ শাখাত উৎপল বেজবৰুৱাই প্ৰথম, মুকলি শাখাত মুকুল কলিতাই প্ৰথম, মাধৱ শৰ্মাই দ্বিতীয়, গৌতম শৰ্মাই তৃতীয়, ডিম্বেশ্বৰ শৰ্মাই চতুৰ্থ, শশাংক শাণ্ডিল্যই পঞ্চম, দীপু কুমাৰ নাথে ষষ্ঠ আৰু মহেশ্বৰ শৰ্মাই সপ্তম স্থান লাভ কৰে।

আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতা
হঠাৎ সলনি হৈছে গুৱাহাটীৰ আকাশঃ আই পি এলৰ মেচৰ সময়তে আহিব পাৰে বৰষুণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in