বোমাৰে উৰুৱাই দিয়া হ'ব ইণ্ডিগো বিমানঃ চিঠি পাই লাগিল হাহাকাৰ!

নোটত লিখা আছিল- "দু নট লেণ্ড বম্বে,অউ লেণ্ড ব'ম্ব ব্লাষ্ট "

author-image
Asomiya Pratidin
New Update
বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ : ২ ঘন্টাতকৈ কম সময়ৰ বিমানত বন্ধ কৰিলে কেটাৰিং সেৱা…

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱা চেন্নাইৰ পৰা মুম্বাইলৈ ১৭২ জন যাত্ৰীৰ সৈতে উৰা মাৰিছিল "6E-5314" নম্বৰৰ ইণ্ডিগো বিমানখন। ইয়াৰ পাছতে বিমানখনত লাগে হুৱাদুৱা। চেন্নাইৰ পৰা মুম্বাই অভিমুখী বিমানখনত বোম থকাৰ তথ্য লাভ কৰে বিমান কৰ্তৃপক্ষয়। লগে লগে পুৱা ৮.৪৫ বজাত বিমান কৰ্তৃপক্ষই মুম্বাইত বিমান খনৰ জৰুৰী অবতৰণ কৰে ।

Advertisment

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, চেন্নাইৰ পৰা মুম্বাই অভিমুখী বিমানখনৰ কৰ্তৃপক্ষই এখন চিঠি লাভ কৰে য’ত বিমানখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। নোটত লিখা আছিল যে- "দু নট লেণ্ড বম্বে,অউ লেণ্ড ব'ম্ব ব্লাষ্ট "।

বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ লগে লগে পাইলটে মুম্বাই এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ সৈতে যোগাযোগ কৰি জৰুৰীকালীন ঘোষণা কৰে। ঘটনা সন্দৰ্ভত মুম্বাই বিমান বন্দৰত জৰুৰীকালীন অবতৰণৰ ব্যৱস্থা কৰা হয়। অগ্নি নিৰ্বাপক বাহিনী, এম্বুলেন্স আৰু নিৰাপত্তা সংস্থা সমূহৰ উপস্থিতিত বিমানখন অবতৰণ কৰোৱা হয়।

ইয়াৰ পাছতে প্ৰথমে ইণ্ডিগো বিমানখনৰ সকলো যাত্ৰীক কৰ্তৃপক্ষই নিৰাপদে বিমানৰ পৰা নমাই দূৰলৈ লৈ যায়। পাছত বিমান বন্দৰত বিমানখনক পৃথক কৰি সম্পূৰ্ণ তালাচী চলোৱা হয়। উক্ত ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত আছে। উল্লেখ্য যে, বোমাৰে বিমান উৰুৱাই দিয়াৰ ভাবুকি এইটোৱে প্ৰথম নহয়। ইয়াৰ আগতেও এনে ভাবুকি কেবাখনো বিমান কৰ্তৃপক্ষই লাভ কৰিছে।

Also Read: ১১.৩০বজালৈকে ক’ত কিমান ভোটদানঃ প্ৰধানমন্ত্ৰীৰ সমষ্টিত ওলাই আহিছেনে ভোটাৰ...

bomb threat IndiGo flight