১১.৩০বজালৈকে ক’ত কিমান ভোটদানঃ প্ৰধানমন্ত্ৰীৰ সমষ্টিত ওলাই আহিছেনে ভোটাৰ...

১১.৩০বজালৈকে ক’ত কিমান ভোটদানঃ প্ৰধানমন্ত্ৰীৰ সমষ্টিত ওলাই আহিছেনে ভোটাৰ...

ডিজিটেল ডেস্কঃ লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্ৰহণ দেশৰ ৭ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টিত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে। পুৱা ১১.৩০বজালৈকে সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ হৈছে- ২৬.৩০শতাংশ

দিনৰ ১১.৩০বজালৈকে বিহাৰত ভোটদানৰ হাৰ হৈছে ২৪.২৫শতাংশ। চণ্ডীগড়ত ২৫.০৩শতাংশ, হিমাচলত ৩১.৯২শতাংশ, ঝাৰখণ্ডত ২৯.৫৫ শতাংশ, ওড়িশাত ২২.৬৪ শতাংশ, পাঞ্জাৱত ২৩.৯১শতাংশ, উত্তৰ প্ৰদেশত ২৮.০২ শতাংশ আৰু পশ্চিম বংগত ২৮.১০শতাংশ ভোটদান সাব্যস্ত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিদ্বন্দ্বিতা কৰা বাৰাণসীত ১১.৩০বজালৈকে ভোটদানৰ হাৰ হৈছে ২৬.১৩শতাংশ। ইফালে কংগণা ৰাণাৱটে প্ৰতিদ্বন্দ্বিতা কৰা মাণ্ডি সমষ্টিত ভোটদানৰ হাৰ এতিয়ালৈকে ৩৩.০২শতাংশ। 

উল্লেখ কৰা প্ৰয়োজন যে, এই পর্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খন, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ ১খন সংসদীয় আসনৰ বাবে  ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in