মেৰাপানীত কংগ্ৰেছত খহনীয়া!

মেৰাপানীত কংগ্ৰেছত খহনীয়া!

ডিজিটেল সংবাদ, বেকাজানঃ মেৰাপানীত কংগ্ৰেছত খহনীয়া। ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ১৪ নং চাউদাং পথাৰ সমষ্টিৰ ঠেঙ্গাল পৰিষদৰ সদস্য ছায়া ঠেঙালে বুধবাৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। চাউদাং পথাৰ সমষ্টিৰ ঠেঙ্গাল পৰিষদৰ সদস্য ছায়া ঠেঙাল গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগ বাসগৃহত কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

যোগদান কাৰ্যসূচীত ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী , নগাবাট সমষ্টিৰ কাৰ্যবাহী সদস্য বিপুল কছাৰী ,গোলাঘাট জিলা বিজেপিৰ সম্পাদক পোনা বৰা, জিলা অ'বিচি মচাৰ সম্পাদক ভাস্কৰ বৰচেতীয়া উপস্থিত থাকে উপস্থিত থাকে। ইয়াৰ লগে লগে পৰিষদত বিজেপিৰ কাৰ্যবাহী সদস্য ১৬ জনলৈ বৃদ্ধি পায়।

মেৰাপানীত কংগ্ৰেছত খহনীয়া!
চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in