আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল চৰাইদেউ মহোৎসৱ...

আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল চৰাইদেউ মহোৎসৱ...

উখল-মাখল ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ

ডিজিটেল সংবাদ,চৰাইদেউ : আজিৰে পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হ’ল চৰাইদেউ মহোৎসৱ ৷ চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই মহোৎসৱক লৈ মৈদাম ক্ষেত্ৰৰ এক উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে ৷

পুৱা মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কাৰ্যসূচী শুভাৰম্ভ কৰা পিছতে জিলা উপায়ুক্ত পল বৰুৱাই স্মৃতি তৰ্পণ আৰু বিশিষ্ট সমাজকৰ্মী শৈলেন ফুকনে বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে ৷

ইয়াৰ পিচতেই সাংসদ তপন কুমাৰ গগৈয়ে মহোৎসৱ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ পাছতে গ্রন্থ বিপণী আৰু জনগোষ্ঠীয় খাদ্য মেলা শুভ উদ্বোধন কৰিব ৰাজহ ও দুর্যোগ ব্যবস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে। মহোৎসৱ স্হিত অনুষ্ঠিত জনগোষ্ঠীয় খাদ্যমেলা, গ্ৰন্থ বিপনী, জনগোষ্ঠীয় সাজপাৰ বিপনী, বিভিন্ন ফুলৰ বিপনী, কচমেটিক,মনিহাৰী বিপনীসমূহত অংশগ্ৰহণেৰে মহোৎসৱ বাকৰি উৎসৱ মুখৰ কৰি তুলিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in