সফল হোৱাৰ দিশে চন্দ্ৰযান-৩ঃ লেণ্ডাৰ বিক্ৰমেৰে সংযোগ স্থাপন চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ

সফল হোৱাৰ দিশে চন্দ্ৰযান-৩ঃ লেণ্ডাৰ বিক্ৰমেৰে সংযোগ স্থাপন চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ

ডিজিটেল ডেস্কঃ অৱতৰণৰ পূৰ্বে পুনৰ ভাল খবৰ দিলে চন্দ্ৰযান-৩য়ে। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত স্পৰ্শ কৰিবলৈ মাজত মাত্ৰ দুটা দিন থাকোতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) প্ৰকাশ কৰিলে আন এক ভাল খবৰ। ইছৰোয়ে বিগত সময়ত পঠিওৱা অৰ্বিটাৰৰ সৈতে যোগাযোগ স্থাপন কৰিছে লেণ্ডাৰ বিক্ৰমে।

চন্দ্ৰযান-২ৰ অভিযানত হেৰাই যোৱা অৰ্বিটাৰ ডি.এ.ডি.এ.এন. বৰ্তমান চন্দ্ৰৰ চাৰিওফালে ১০০ কিমি দশক ১০০ কিলোমিটাৰ কক্ষপথত থকাৰ কথা টুইটাৰ যোগে প্ৰকাশ কৰি ইছৰোয়ে কয় যে, অৰ্বিটাৰে লেণ্ডাৰ বিক্ৰমলৈ স্বাগতম বাৰ্তা প্ৰেৰণ কৰিছে। এই খবৰত এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে ইছৰোৰ বিজ্ঞানীসকলৰ লগতে দেশবাসী।

ইপিনে অহা ২৩ আগষ্ট (বুধবাৰে) সন্ধিয়া ৫.২০ বজাত অৱতৰণ কৰিব লগীয়া লেণ্ডাৰ-বিক্ৰমৰ সফল অৱতৰণৰ বাবেও আশাবাদী দেশৰ লগতে বিশ্ববাসী। তদুপৰি চন্দ্ৰযান-৩য়ে ইতিমধ্যেই পুনৰ ফটো পঠিওৱাত আশাৰ ৰেঙনি বৃদ্ধি পাইছে ইছৰোৰ।

সফল হোৱাৰ দিশে চন্দ্ৰযান-৩ঃ লেণ্ডাৰ বিক্ৰমেৰে সংযোগ স্থাপন চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ
যোৰহাটত আৰম্ভ হ'ল ১৫ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in