/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/47054af9-55a3-4529-a010-bb36ade297af/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ সোমবাৰৰে পৰা যোৰহাটত আৰম্ভ হৈছে ১৫ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ। পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থা আৰু ৰেডিয়েণ্ট ক্লাবৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন ড্ৰৰে শুভাৰম্ভণি হয়। যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ১৫ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাখন যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে আঁত ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/74450d3c-54f1-4f10-81b4-d24f3b540cf9/52a6fdf9_8da2_4a9b_b745_eaddae9c103e.jpg)
এই উদ্ধোধনী অনুষ্ঠানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে আদৰণি ভাষণ আগবঢ়ায়। জিলা ক্ৰীড়া সন্থাৰ কোষাধ্যক্ষ দেৱৰ্ষি শৰ্মা, ফুটবল চেয়াৰমেন ললিত বড়া, উপ-সভাপতি ৰবীন শইকীয়া, প্ৰাক্তন সাধাৰণ সম্পাদক অমল বৰুৱা, জ্যেষ্ঠ সদস্য ভৱেন দত্তৰ উপস্থিতিত প্ৰতিযোগিতাখনি উদ্ধোধন কৰে আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ তথা অইল ইণ্ডিয়া এফ চি'ৰ প্ৰাক্তন খেলুৱৈ ৰঞ্জন কাকতীয়ে। উদ্ধোধনী খেলত পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থা আৰু ৰেডিয়েণ্ট ক্লাবে নিৰ্ধাৰিত সময়ত এটাও গল দিবলৈ সক্ষম নহ'ল যাৰ ফলত খেলখন ড্ৰ হয় আৰু দুয়োটা দলকে সমানে পইণ্ট ভগাই দিয়ে।
আনহাতে যোৰহাটত আন এখন খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰয়াত অভিশেষ বড়া সোঁৱৰণী ১৩ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবল প্ৰতিযোগিতাৰ দুখন খেল আৰু তাৰে প্ৰথমখন খেলত মৰিয়নি উপ-ক্ৰীড়া সন্থাই বৰভেটা স্প'ৰ্টছ ক্লাবক ৪-০ গলত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। দ্বিতীয়খন খেলত অল ষ্টাৰ ক্লাবে মিলনজ্যাতি সংঘ চটাইক ৫-১ গলৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/66887df4-8248-4236-a596-e1b0bc24d0a8/98844d51_77de_45c3_8d48_2c7a1ea58514.jpg)
ইয়াৰ উপৰি পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰয়াত আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ নৃপেন সভাপণ্ডিত সোঁৱৰণীৰ ১৭ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবল প্ৰতিযোগিতাৰো সোমবাৰে দুখন খেল অনুষ্ঠিত হয় । তাৰে প্ৰথমখন খেলত কাকজান উপ-ক্ৰীড়া সন্থাই ভিক্ট'ৰিয়াচ্ ক্লাবক ৩-১ গলৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। লগতে দ্বিতীয়খন খেলত মৰিয়নি উপ-ক্ৰীড়া সন্থাই বৰভেটা স্প'ৰ্টছ ক্লাবক ২-০ গলৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইনণ্ট অৰ্জন কৰিছে। খেলসমূহ পৰিচালনা কৰে ক্ৰমে ৰঞ্জিত দত্ত, অনিল শইকীয়া আৰু ত্ৰিনোজ বৰাই।
Also Read: নামৰূপ সাৰ কাৰখানাৰ ইউৰিয়া কেলেংকাৰীঃ ২বছৰে তদন্ত নোহোৱাৰ ৰহস্য কি
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us