চন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ ইহলীলা সম্বৰণ

চন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ ইহলীলা সম্বৰণ

author-image
Asomiya Pratidin
New Update
চন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ ইহলীলা সম্বৰণ

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলবাৰে পুৱা মঙলদৈৰ এগৰাকী সমাজহিতৈষী ব্যক্তি চন্দ্ৰকুমাৰ চক্ৰৱৰ্তীয়ে সংসাৰৰ পৰা ইহলীলা সম্বৰণ কৰে। বহু দিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা চক্ৰৱৰ্তীয়ে গুৱাহাটীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

প্ৰয়াত চক্ৰৱৰ্তী দৰং জিলা সাহিত্য সভা, মঙলদৈ সনাতন ধৰ্ম সভা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ,দমোদৰ দেৱ সংঘ, অসম ৰেডক্ৰছ চ'চাইটি, মঙলদৈ তথা দৰং জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ উপৰিও মঙলদৈ শংকৰদেৱ শিশু নিকেতনৰ ভূমি দাতাৰ লগতে পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ভাৰতীয় ৰেডক্ৰছ চ'চাইটিৰ অসম শাখাৰ কোষাধ্যক্ষ হিচাপেও তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। এনে এগৰাকী পুৰোধা ব্যক্তিৰ বিয়োগত মঙলদৈত শোকৰ ছাঁ পৰে।

Also Read: আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱালৈ ২০২৪ ৰ দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা

chandra kumar chakrabarty