আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱালৈ ২০২৪ ৰ দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা

আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱালৈ ২০২৪ ৰ দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা

author-image
Asomiya Pratidin
New Update
আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱালৈ ২০২৪ ৰ দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ উদ্যোগত দেওবাৰে দেৱৰ্ষি নাৰদ জয়ন্তী তথা নাৰদ জয়ন্তী বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে প্ৰসিদ্ধ সাংবাদিক তথা দূৰদৰ্শনৰ জ্যেষ্ঠ কনচাল্টিং এডিটৰ অশোক শ্ৰীবাস্তৱে।

Advertisment

অনুষ্ঠানৰ আৰম্ভণিতে চেলেং, আৰনাই আৰু কিতাপৰ টোপোলাৰে অশোক শ্ৰীবাস্তৱক আদৰণি জনোৱা হয় ৷ লগতে এই অনুষ্ঠানতে আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাক ২০২৪ বৰ্ষৰ নাৰদ জয়ন্তী বঁটা প্ৰদান কৰা হয়৷ সমান্তৰালকৈ অনুষ্ঠানৰ মুখ্য অতিথি তথা দিল্লী দূৰদৰ্শনৰ কনচাল্টিং এডিটৰ অশোক শ্ৰীবাস্তৱে অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা, স্মাৰক, ভাৰতমাতাৰ ফটো আৰু নগদ ধনেৰে প্ৰশান্তজ্যোতি বৰুৱাক বঁটা প্ৰদান কৰে৷ 

দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান অনুষ্ঠানত ৩ গৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে দৈনিক অগ্ৰদূতৰ দিগন্ত গোস্বামী, অসমীয়া প্ৰতিদিনৰ পদ্মিনী হাজৰিকা আৰু এনডি ২৪ চেনেলৰ ৰাজু বৰুৱাক বিশ্ব সংবাদ কেন্দ্ৰৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়৷ উক্ত অনুষ্ঠানতে জংঘল সত্যাগ্ৰহ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, মৃত্যুঞ্জয় বীৰ আধুনিক ভাৰতৰ খনিকৰ (বাংলা অনুবাদ) গ্ৰন্থ তিনিখনো উন্মোচন কৰা হয়৷

এই কাৰ্যসূচীত অংশ লৈ শ্ৰীবাস্তৱে নিজ ভাষণ প্ৰসংগত কয় যে, "সাংবাদিকতাৰ প্ৰথম আৰু মুখ্য উদ্দেশ্যই হ’ব লাগে দেশমাতৃৰ স্বাৰ্থৰক্ষা আৰু সেৱা ৷ কেৱল কোনো নেতা বা কোনো গোষ্ঠীৰ প্ৰত্যাহ্বানতকৈও দেশৰ হকে প্ৰতিজন নাগৰিকৰ কৰ্তব্য অধিক মহত্ত্বপূৰ্ণ৷ দেশৰ সন্মুখত এতিয়া ফেক নেৰেটিভক ওফৰোৱাটোৱে জনতাৰ সন্মুখত মূল প্ৰত্যাহ্বান৷ শেহতীয়া নিৰ্বাচনত বিৰোধীৰ আসন বৃদ্ধিয়ে কাৰ্যতঃ ৰক্ষা কৰিলে নিৰ্বাচন আয়োগ, ইভিএম আদিক ৰক্ষা কৰিলে৷

এই দেশত ইন্দিৰা গান্ধীৰ দিনতে স্বেচ্ছাচাৰী শাসন চলিছিল৷ কিন্তু ভাৰতত স্বেচ্ছাচাৰিতা নাই আৰু আহিবও নোৱাৰে৷ তামিলনাডুত পৰাজিত নেতাৰ ফটো ছাগলীৰ মূৰত আৰি ছাগলী হত্যা কৰা, বংগত স্থানীয় দলক ভোট নিদিয়াসকলক ভাবুকি দিয়া, চণ্ডীগড়ত নৱনিৰ্বাচিত সাংসদক অপমানিত কৰা জনক সমৰ্থন কৰা সকলেই গণতন্ত্ৰ ৰক্ষাৰ দাবী কৰাটো দুৰ্ভাগ্যজনক৷"

ইয়াৰোপৰি তেওঁ কয় যে, "পঞ্জাৱ হাৰিয়ানাৰ কৃষক আন্দোলনত এজনো কৃষকৰ নিৰাপত্তা বাহিনীৰ বাবে মৃত্যু হোৱা নাছিল, ৭০০ জনৰ মৃত্যু এক চূড়ান্ত অপপ্ৰচাৰ৷ পাকিস্তানৰ পৰা সংখ্যালঘু পলোৱাৰ দৰে ভাৰতৰ পৰা এজনো পলাব লগা অৱস্থা হোৱা নায়৷

“কা’’ বিৰোধৰ নামত চাহিনবাগত দেশবিৰোধী শ্লোগান দিয়া কাৰ্যক গণতান্ত্ৰিক আখ্যা দিয়া সকল ক্ষমাৰ অযোগ্য৷ কোনো চৰকাৰৰ বোকোচাত নহয়, স্বদেশৰ স্বাৰ্থৰ বোকোচাত(গোদ)ত উঠাটোহে গোদী মিদিয়া ৷

এচিয়া মধ্যপ্ৰাচ্যত সন্ত্ৰাসবাদীক বন্দুকধাৰী আখ্যা দিয়া, পাকিস্তান, আফগানিস্থানতকৈ ভাৰতক তুচ্ছ দেখুওৱা বিবিচিৰ দৰে প্ৰতিষ্ঠানে আন্তঃৰাষ্ট্ৰীয় ভাবে ভাৰতক বদনাম কৰি আছে৷ এনে প্ৰতিষ্ঠানৰ বাতৰিক ভিত্তি কৰি বাতৰি প্ৰচাৰ কৰি ভাৰতৰ একাংশ সংবাদ মাধ্যমেও ফেক নেৰেটিভ প্ৰচাৰ কৰি আছে বুলিও তেওঁ মন্তব্য কৰে।"

উল্লেখ্য যে, নাৰদ জয়ন্তী অনুষ্ঠানত বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সভাপতি তথা লেখক, কেৰিয়াৰ কাউন্সিলৰ ড° গৌৰাঙ্গ শৰ্মা, উপ সভাপতি তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰৰ সংঘচালক গুৰু প্ৰসাদ মেধি, কেন্দ্ৰৰ সম্পাদক কিশোৰ শিৱম আদি উপস্থিত থাকে ৷ নৱ বুজৰবৰুৱাই আঁত ধৰা অনুষ্ঠানটোত ভৰত ৰাগে নাৰদ স্ত্ৰোত পৰিবেশন কৰে ৷

Also Read: লামডিঙত যুৱতীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

Vishwa Sambad Kendra annual Devarsi Narad Jayanti