ৰাইজৰ বিপুল সহাঁৰিঃ নগাঁও প্ৰিমিয়াৰ লীগ চিজন-২ত চেম্পিয়ন মিণ্টু একাদশ ..

ৰাইজৰ বিপুল সহাঁৰিঃ নগাঁও প্ৰিমিয়াৰ লীগ চিজন-২ত চেম্পিয়ন মিণ্টু একাদশ ..

author-image
Asomiya Pratidin
New Update
ৰাইজৰ বিপুল সহাঁৰিঃ নগাঁও প্ৰিমিয়াৰ লীগ চিজন-২ত চেম্পিয়ন মিণ্টু একাদশ ..

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰ টাস্ক ফিল্ডত জোনাকী গোষ্ঠীৰ ব্যৱস্থাপনাত দুদিনীয়াকৈ অনুষ্ঠিত নগাঁও প্ৰিমিয়াৰ লীগ চিজন -২ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি বিয়লি চুড়ান্ত খেলখন অনুষ্ঠিত হয়। চুড়ান্ত খেলত নগাঁৱৰ মিণ্টু একাদশে প্ৰাঞ্জল একাদশক পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে।

Advertisment

১০ অভাৰৰ খেলত প্ৰথমে বেট ধৰি মিণ্টু একাদশে ৱাছিম উল্লাহ খানৰ ৯২ ,দীপৰ ৩৫ , নৱৰ ২০ আৰু অৰূপৰ ১১ ৰাণৰ সহায়ত দুটা উইকেট হেৰুৱাই ১৬৯ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত প্ৰাঞ্জল- ৱাচিক একাদশে ৬টা উইকেট হেৰুৱাই ১২৩ ৰাণ সংগ্ৰহ কৰে।

প্ৰতিযোগিতাখনত মেন অৱ দ্য মেচৰ খিতাপ দখল কৰে ৱাচিম উল্লাহ খানে আৰু মেন অৱ দ্য টুৰ্ণমেণ্টৰ খিতাপ দখল কৰে নৱ লস্কৰে। আজিৰ খেলৰ বঁটা বিতৰণি অনুষ্ঠানত উদযাপন সমিতিৰ ফালৰ পৰা বিজয়ী দলক নগদ ২০ হেজাৰ টকাসহ ট্ৰফী প্ৰদান কৰা হয় । অনুষ্ঠানত বিধায়ক জিতু গোস্বামীয়েও অংশগ্ৰহন কৰে।

Also Read: কংগ্ৰেছৰ পৰা নিলম্বিত শ্বেৰমানৰ বিধায়ক পদ খাৰিজ নকৰাত বিধানসভাৰ অধ্যক্ষলৈ উচ্চ ন্যায়ালয়ৰ জাননী...

নগাঁও