চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগতা আদৰণি সভা সম্পন্ন...

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মনোৰঞ্জন বৰাই সভাপতিত্ব কৰা সভাখনত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিবামণি বৰা উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 
নৱাগতা আদৰণি সভা সম্পন্ন...

নৱাগতা আদৰণি সভা

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলাৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা আৰু ভানুৰাম শইকীয়া সোঁৱৰণি ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠান মঙ্গলবাৰে অনুষ্ঠিত হয় । বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মনোৰঞ্জন বৰাই সভাপতিত্বত কৰা সভাখনত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিবামণি বৰা উপস্থিত থাকে ।

Advertisment

দিহা নামেৰে নৱাগত সভাখন আৰম্ভ কৰা হয়। সভাখনৰ উদেশ্য বাখ্যা কৰে বিদ্যালয় খনৰ অধ্যক্ষা বিন্দামাই দেবীয়ে। উক্ত সভাতে বিদ্যায়তনিক আৰু শংকৰী কৃষ্টিৰ দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলক শংকৰী কলা-কৃষ্টিৰ সাধক ভানুৰাম শইকীয়া সোঁৱৰণি ন্যাসৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়।

আৰু পঢ়কঃ ড°শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ অচলাৱস্থাৰ অন্ত...

nagaon assam