/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ছয়গাঁৱত ৰে'লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু...
ডিজিটেল ডেস্কঃ ছয়গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ৰে'লৰ খুন্দাত নিহত হ'ল এগৰাকী মহিলা।
ছয়গাঁৱৰ ধোঁৱাৰগাঁৱত সংঘটিত হোৱা এই ঘটনাত মৃত্যু হোৱা মহিলাগৰাকীক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই। মহিলাগৰাকীৰ মৃতদেহলৈ লক্ষ্য কৰি তেওঁৰ বয়স ৫০ ৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে।
জানিব পৰা মতে কামাখ্যা-যোগীঘোপা ৰে’লপথত শৰাইঘাট এক্সপ্রেছে খন্দা মাৰিলে এই মহিলাগৰাকীক। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষীৰ লগতে ৰে'ল আৰক্ষী।
Also Read: পথ দুৰ্ঘটনাত পতিত হোৱা বাছত অগ্নিকাণ্ডঃ ৩৩ জন যাত্ৰীৰ ২৫ জনৰেই মৃত্যু...