গোগামুখত নিৰ্মাণ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰৰ ৬২ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমানপত্ৰ বিতৰণ

এই কেন্দ্ৰৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলক নিয়োগযোগ্য নিৰ্মাণ দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে যুৱ প্ৰজন্মক দক্ষ মানৱ সম্পদ হিচাপে গঢ় দি নিয়োজনৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলি ৰাইজে আশা প্ৰকাশ কৰে ৷

author-image
Asomiya Pratidin
New Update
ww

ডিজিটেল সংবাদ , ধেমাজি:  অসম চৰকাৰ আৰু এল এণ্ড টি (L&T)ৰ যৌথ পদক্ষেপত ধেমাজিৰ গোগামুখৰ গ্ৰাম্য জীৱন জীৱিকা গৱেষণা কেন্দ্ৰৰ চৌহদত স্থাপিত নিৰ্মাণ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰৰ ৬২ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত মঙলবাৰে প্ৰমাণপত্ৰ বিতৰণৰ এক আনুষ্ঠানিক সভা অনুষ্ঠিত হয় ৷

Advertisment

এই কেন্দ্ৰৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলক নিয়োগযোগ্য নিৰ্মাণ দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে যুৱ প্ৰজন্মক দক্ষ মানৱ সম্পদ হিচাপে গঢ় দি নিয়োজনৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলি ৰাইজে আশা প্ৰকাশ কৰে ৷

আজি অনুষ্ঠিত হোৱা অনুষ্ঠানত লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, ধেমাজি জিলা শ্ৰম বিষয়া ড৹ ভৱজিত দলে, গোগামুখ জিলা পৰিষদৰ সদস্যা জ্যোতিপ্ৰভা দলে, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্যক্ৰমে ৰাকেশ বৰদেউৰী, জিণ্টুচান দেউৰী  বহু কেইগৰাকী  বিশিষ্ট ব্যক্তি, এল এণ্ড টিৰ প্ৰশিক্ষক সকলৰ লগতে অঞ্চলবাসী  ৰাইজে উপস্থিত থাকে ।

ধেমাজি