/asomiyapratidin/media/media_files/2025/07/03/1-2025-07-03-22-45-10.jpg)
ডিজিটেল ডেস্কঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ বাবে প্ৰধান বিৰোধী দলসমূহে নীতিগতভাৱে সন্মতি প্ৰকাশ কৰিছে। এইসন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, ন্যায়াধীশ ভাৰ্মাক অপসাৰণৰ প্ৰস্তাৱক নীতিগতভাৱে সমৰ্থন কৰিবলৈ প্ৰধান বিৰোধী দলসমূহে সন্মতি প্ৰকাশ কৰিছে। এই প্ৰস্তাৱৰ বাবে সাংসদৰ স্বাক্ষৰ সংগ্ৰহৰ প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হ’ব পাৰে।
ন্যায়াধীশ ভাৰ্মাক অপসাৰণৰ প্ৰস্তাৱ লোকসভাত অনা হ’ব নে ৰাজ্যসভাত এতিয়ালৈকে সিদ্ধান্ত লোৱা হোৱা নাই বুলিও কয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। লোকসভাত এটা প্ৰস্তাৱ আনিবলৈ কমেও ১০০ জন সাংসদৰ স্বাক্ষৰ প্ৰয়োজন হোৱাৰ বিপৰীতে ৰাজ্যসভাত এটা প্ৰস্তাৱ আনিবলৈ কমেও ৫০ জন সাংসদৰ স্বাক্ষৰ প্ৰয়োজন।
চৰকাৰে কোনটো প্ৰস্তাৱ আনিব সেইটো সিদ্ধান্ত ল’লেই আৰম্ভ হ’ব স্বাক্ষৰ সংগ্ৰহৰ প্ৰক্ৰিয়া। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, যিহেতু এই বিষয়টো ন্যায়পালিকাৰ দুৰ্নীতিৰ সৈতে জড়িত, গতিকে চৰকাৰে এই সন্দৰ্ভত সকলো ৰাজনৈতিক দলৰ সন্মতি বিচাৰিছে।
উচ্চতম ন্যায়ালয়ে গঠন কৰা তিনিজন ন্যায়াধীশৰ কমিটীয়ে ন্যায়াধীশ বাৰ্মাক দোষী সাব্যস্ত কৰা নাছিল যদিও ভৱিষ্যতে ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিছিল কাৰণ ন্যায়াধীশক অপসাৰণ কৰাৰ অধিকাৰ কেৱল সংসদৰহে আছে বুলিও উল্লেখ কৰে শ্ৰী ৰিজিজুৱে।
লক্ষ্যণীয় যে, ১৯৬৮ চনৰ ন্যায়াধীশ আইন অনুসৰি যিকোনো সদনত ন্যায়াধীশক অপসাৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত সংশ্লিষ্ট অধ্যক্ষ বা অধ্যক্ষই তিনিজনীয়া এখন সমিতি গঠন কৰে যিয়ে অপসাৰণৰ কাৰণ সমূহৰ তদন্ত কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, ১৪ মাৰ্চৰ নিশা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ বাসগৃহ চৌহদত অৱস্থিত এটা বহিগৃহত অগ্নিকাণ্ড সংঘটিত হৈছিল। অভিযোগ অনুসৰি অগ্নিনিৰ্বাপক বাহিনীয়ে তাৰ পৰা জ্বলি যোৱা নগদ ধনৰ বাণ্ডিল উদ্ধাৰ কৰিছিল। ইয়াৰ পিছতে উচচতম ন্যায়ালয়ে ঘটনা সন্দৰ্ভত আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিছিল।