Advertisment

বেতনি গাঁৱৰ নামঘৰৰ শতবৰ্ষ উদযাপন...

উদযাপন সমিতিয়ে শতবৰ্ষ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “মণিকূট”উন্মোচন কৰে অসম বাৰ্তা সংঘৰ কাৰ্য্যনিবাহক সদস্য অশ্বিনী কুমাৰ দুৱৰাই ৷ সভাত কৃষ্ণ নৃত্যৰ লগতে মিছিং, নেপালী আৰু চাহ জনজাতিৰ জনগোষ্ঠীয় কৃষ্টি নৃত্যও প্ৰদৰ্শন কৰা হয়৷ 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ বেতনি গাঁৱৰ নামঘৰে পাৰ কৰিলে শতবৰ্ষ । এশ বছৰ হোৱা উপলক্ষে গাওঁবাসীয়ে অতি উলহমালহেৰে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা নামঘৰৰ শতবৰ্ষ অনুষ্ঠানৰ দেওবাৰে সফল সামৰণি পৰে ৷

Advertisment

0

দেওবাৰে পুৱা ৬ বজাত বিষেশ্বৰ বৰগোহাঁইৰ নেতৃত্বত সমূহীয়া চাফাই অভিযানেৰে কাৰ্য্যসূচী আৰম্ভ কৰা হয় ৷ 
৬.৩০ বজাত প্ৰভাত ফেৰি, পুৱা ৭ বজাত নামঘৰত বন্তি প্ৰজ্বলন, মাঙ্গলিক অনুষ্ঠানৰ পিছতেই বিয়লি ১ বজাত অঞ্চলবাসীৰাইজে উদযাপনস্হলীৰ পৰা ধেমাজি অসামৰিক চিকিৎসালয়ৰ সন্মুখলৈ ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰে ৷
সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰা আৰু ধেমাজি জিলা ছাত্ৰ সন্হাৰ সাধাৰণসম্পাদক জয়ন্ত বৰগোহাঁইয়ে৷ বিয়লি ৩ বজাত শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্ধোধন কৰে অৰুনোদয় হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদ্ম বুঢ়াগোঁহাইয়ে ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে৷ নিদিষ্ট বক্তাৰ ভাষণ দিয়ে যোৰহাট জিলাৰ দিহানামৰ সম্ৰাট প্ৰাপক কমলা গগৈয়ে ৷ ভক্তপ্ৰাণ গগৈয়ে গুৰুজনাৰ সৃষ্টিৰাজি নামঘৰৰ সম্পৰ্কে দিয়া ভক্তিৰসৰ বক্তব্যয়ে ৰাইজক আপ্লুত কৰে ৷সভাত বিশিষ্ট অতিথি হিচাপে বক্তব্য ৰাখে সদৌ অসম ছাত্ৰ সন্হাৰ সহকাৰী সম্পাদক দিপক শৰ্মাই ৷

0

উদযাপন সমিতিয়ে শতবৰ্ষ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “মণিকূট”উন্মোচন কৰে অসম বাৰ্তা সংঘৰ কাৰ্য্যনিবাহক সদস্য অশ্বিনী কুমাৰ দুৱৰাই ৷ সভাত কৃষ্ণ নৃত্যৰ লগতে মিছিং, নেপালী আৰু চাহ জনজাতিৰ জনগোষ্ঠীয় কৃষ্টি নৃত্যও প্ৰদৰ্শন কৰা হয়৷ 

0

ইয়াৰ পূৰ্বে শতবৰ্ষ উপলক্ষে নিজুমনি বুঢ়াগোঁহাইয়ে লিখা সুৰ কথাৰে শতবৰ্ষৰ শীৰ্ষ গীত পৰিৱেশন কৰে হীৰামনি বুঢ়াগোঁহাই আৰু নিজুমনি বুঢ়াগোঁহাইয়ে ৷ সন্ধিয়া ৭ বজাত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ উদ্ধোধন কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈয়ে৷ 

শতবৰ্ষৰ অনুষ্ঠান