/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/cbse-2nd-year-final-exam-news.jpg)
ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৱে যি পৰিস্থিতি সৃষ্টি কৰিছে তাৰ প্ৰতি বাবে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। এনে সময়ত ছাত্ৰ-ছাত্ৰীসকলে অপেক্ষা কৰিছে যে পৰীক্ষা আয়োজন হ'ব নে নহয়। ইফালে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বহু কেইগৰাকী মন্ত্ৰীৰ সৈতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত হোৱা বৈঠকত ইতিমধ্যে সমাপ্ত হৈছে।
পঢ়িবলৈ ক্লিক কৰকঃ দক্ষিণ শালমাৰাৰ আইৰকাটাত ডকাইতিঃ ৭/৮ জনীয়া পিষ্টলধাৰী ডকাইতে লুটিলে নগদ ধন, সোণৰ আ-অলংকাৰ…
এই ভাৰ্চুৱেল বৈঠকৰ মাজতে ৰাজ্যসমূহ শিক্ষামন্ত্ৰীসকলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আয়োজন কৰাৰ সন্দৰ্ভত নিজৰ নিজৰ মত প্ৰকাশ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকখনত কেন্দ্ৰীয় চৰকাৰক চিবিএছইয়ে দুটা প্ৰস্তাৱ আগবঢ়াইছে। লগতে চিবিএছইৰ তৰফৰ পৰা কোৱা হৈছে যে, ৰাজ্যৰ ব'ৰ্ডে নিজৰ নিৰ্ণয় লোৱাৰ অনুমতি প্ৰদান কৰা হৈছে।
চিবিএছইয়ে আগবঢ়োৱা দুটা প্ৰস্তাৱ হৈছে – কেৱল প্ৰধান বিষয় কেইটাৰহে পৰীক্ষা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হ'ব লাগে। উল্লেখ্য যে, চিবিএছই-য়ে দ্বাদশ শ্ৰেণীৰ ১৭৪টা বিষয়ত পৰীক্ষা আয়োজন কৰা হয়। কিন্তু ইয়াৰে ভিতৰত ২০টা বিষয় চিবিএইছৰ অতি গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ ভিতৰত আছে, ৰসায়ন বিজ্ঞান, গণিত, জীৱ বিজ্ঞান, ইতিহাস, ৰাজনীতি বিজ্ঞান, ব্যৱসায় অধ্যয়ন, ভূগোল, অৰ্থশাস্ত্ৰ আৰু ইংৰাজী বিষয়।
আনহাতে, দ্বিতীয়টো প্ৰস্তাৱ দিয়া হৈছে যে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ বিদ্যালয়ত এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰীক্ষাত বহিব পাৰিব। চিবিএছই তৰফৰ পৰা কোৱা হৈছে যে, নিজৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত বহিব দিলে ৩ ঘন্টাৰ পৰিৱৰ্তে ডেৰ ঘন্টা সময় দিয়া হ'ব।