দক্ষিণ শালমাৰাৰ আইৰকাটাত ডকাইতিঃ ৭/৮ জনীয়া পিষ্টলধাৰী ডকাইতে লুটিলে নগদ ধন, সোণৰ আ-অলংকাৰ…

দক্ষিণ শালমাৰাৰ আইৰকাটাত ডকাইতিঃ  ৭/৮ জনীয়া পিষ্টলধাৰী ডকাইতে লুটিলে নগদ ধন, সোণৰ আ-অলংকাৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী জিলাৰ অধীনস্থ ফকিৰগঞ্জ থানা এলেকাৰ আইৰকাটা বজাৰত আজি পুৱতি নিশা ৭/৮ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দল এটা মূৰত পিষ্টল টোঁৱাই নগদ ধন, সোনৰ আ-অলংকাৰ সহ দুই লক্ষাধিক টকাৰ সম্পত্তি লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে আইৰকাটা বজাৰৰ সাহেব আলী মণ্ডলৰ পুত্ৰ খাইৰুল আলম মণ্ডলৰ ঘৰত আজি পুৱতি নিশা প্ৰায় ২ বজাত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত বাতৰি মতে বজাৰ খনত থকা সাহেব ড্ৰাগছ হাউজৰ স্বত্বাধিকাৰী খাইৰুল আলম মণ্ডল দোকানৰ পিছফালে ঘৰ বনাই বসবাস কৰি আহিছে।

নিশাৰ আহাৰ গ্ৰহণ কৰি টোপনিত লালকাল হৈ থকাৰ সময়ত পুৱতি নিশাৰ ভাগত এটা ডকাইত ঘৰৰ পিছফালে শৌচালয়ৰ ওপৰেদি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ দৰ্জা খুলি দিয়াত ৭/৮ জনীয়া ডকাইতৰ দল ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ঘৰৰ গৰাকী জনৰ লগতে পত্নী আৰু কণমানি পুত্ৰৰ মূৰত পিষ্টল ধৰি লোকজনক হাত ভৰি বান্ধি দিয়াৰ লগতে চকু বান্ধি লুটপাট চলায়।

পত্নীৰ ডিঙিত থকা সোণৰ চেইন, খাৰু সহ আ-অলংকাৰ কাঢ়ি নিয়াৰ উপৰিও জমা কৰি থকা নগদ প্ৰায় ১ লাখ টকা লুটি নিয়ে। প্ৰায় ১০/১৫ মিনিট ধৰি এইদৰে লুটপাত কৰাৰ পাছত ডকাইতৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ডকাইতৰ দলটো প্ৰথমে প্ৰৱেশ কৰি ঘৰ খনত থকা তিনিটা মোবাইল ফোন ভাঙি নষ্ট কৰে।

ঘটনাক লৈ লোকজনে ফকিৰগঞ্জ থানাত এটি এজাহাৰ দাখিল কৰাত দিনৰ প্ৰায় দুই বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ ৰয় আৰু ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাম ৰাউটিয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ফাৰুক আহমেদ কয় ঘটনাৰ তদন্ত চলি আছে। এতিয়ালৈ আৰক্ষীয়ে কোনো তথ্য লাভ কৰা নাই যদিও সোনকালে দোষী কৰায়ত্ব হব বুলিও আশ্বাস প্ৰদান কৰে। মন কৰিবলগীয়া বিষয় এয়া যে মিনি লক ডাউন আৰু সান্ধ্য আইনৰ মাজত কিদৰে বজাৰখনত অস্ত্ৰধাৰী ডকাইতৰ দলটো ডকাইতি কৰিবলৈ সাহস পালে তাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in