তিনিচুকীয়া আৰক্ষীৰ অভিযানত ট্ৰাকৰ পৰা উদ্ধাৰ নগদ ২০ লাখ টকা...

অভিযানৰ নেতৃত্ব দিয়ে তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই আৰু পানীতোলা আৰক্ষী চকীৰ প্ৰভাৰী প্ৰদীপ তামুলীয়ে
উদ্ধাৰ হোৱা নগদ ধন
উদ্ধাৰ হোৱা নগদ ধন

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া আৰক্ষীৰ অভিযানত ট্ৰাকৰ পৰা উদ্ধাৰ নগদ ধন। শনিবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই এখন কণ্টেইনাৰ ট্ৰাকৰ পৰা ২০ লাখ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে পানীতোলাত তালাচী চলাই থকাৰ সময়তে এ এছ ২৮চি ৯৮০৯ নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনৰ পৰা উক্ত বৃহৎ পৰিমাণৰ নগদ ধনৰাশি জব্দ কৰে ৷ তিনিচুকীয়াৰ গায়ত্ৰী গুডছ্ কেৰিয়াৰৰ স্বত্বাধিকাৰী জনৈক পৱন শৰ্মা নামৰ ব্যক্তিজনৰ কণ্টেইনাৰ ট্ৰাকৰ পৰা এই ধন জব্দ কৰা বুলি প্ৰকাশ ৷

আৰক্ষীৰ সূত্ৰমতে ট্ৰাকচালক অৰুণ যাদৱে এই বৃহৎ পৰিমাণৰ নগদ ধনৰাশি পৱন শৰ্মাই গুৱাহাটীত থকা নিজ ভাতৃলৈ প্ৰেৰণ কৰা বুলি সদৰী কৰিছে ৷ উল্লেখ্য যে, এনেদৰে বৃহৎ পৰিমাণৰ নগদ ধনৰ লেনদেন কৰাটো অবৈধ ৷ আৰক্ষীয়ে এই বিষয়ে আয়কৰ বিভাগক অৱগত কৰা বুলি জানিব পৰা গৈছে ৷ এই অভিযানৰ নেতৃত্ব দিয়ে তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই আৰু পানীতোলা আৰক্ষী চকীৰ প্ৰভাৰী প্ৰদীপ তামুলীয়ে ।

আৰু পঢ়কঃ কোভিডৰ সৈতে যুঁজ কৰা অসমবাসীয়ে ডেংগু ৰোগক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাইঃ স্বাস্থ্য মন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in