টাইপাৰ বিৰুদ্ধে ধেমাজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজেহাৰ দাখিল

ধেমাজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সমিতিৰ লগতে ১০ খন আঞ্চলিক আৰু প্ৰাথমিক শাখাই এনে কাৰ্য্যক ধিক্কাৰ দি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাভিমান আৰু মহাপুৰুষ গুৰুজনাৰ মহান আৰ্দশৰ ঐশ্বৰ্যময় সত্তাটোক কুঠাৰঘাট কৰা অভিযোগ কৰিছে ৷

author-image
Asomiya Pratidin
New Update
mvc

ডিজিটেল সংবাদ, ধেমাজি: সোণাৰি জিলাত যোৱা কালি টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা সংগঠনটোৰ উদীপ্ত গগৈ নামৰ বিষয়ববীয়াজনৰ নেতৃত্বত কেইজনমান উদণ্ড কৰ্ম-কতাই শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতীক আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা প্ৰতিবাদত মঙলবাৰে ধেমাজি জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Advertisment

ধেমাজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সমিতিৰ লগতে ১০ খন আঞ্চলিক আৰু প্ৰাথমিক শাখাই এনে কাৰ্য্যক ধিক্কাৰ দি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাভিমান আৰু মহাপুৰুষ গুৰুজনাৰ মহান আৰ্দশৰ ঐশ্বৰ্যময় সত্তাটোক কুঠাৰঘাট কৰা অভিযোগ কৰিছে ৷

উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উদাৰ মানৱতাবাদী আধ্যাত্মিক দৰ্শনৰ ভেটিত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম সংস্কৃতিৰ সৰ্ব্ববৃহত গণতান্ত্ৰিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ সম্প্ৰতি ২৭টা জাতি- জনগোষ্ঠীৰ লোকেৰে সংপৃক্ত হৈ গুৰুজনাৰ আদৰ্শৰে উচ্চ- নীচহীন,জাতি ভেদহীন সুন্দৰ সমাজ গঠন কৰা লগতে অসমৰ জাতীয় জীৱন উজ্জীৱিত কৰি ৰাখি বিশ্বসমাদৃত জাতীয় অনুষ্ঠানলৈ পৰ্যবসিত হৈছে ৷

উদণ্ড টাইপা যুৱক কেইজনৰ এনে কৰ্মকাণ্ডই লক্ষ লক্ষ ভকত বাপ সকলৰ মনত প্ৰচণ্ডভাৱে আঘাট সানিছে৷ এনে কাৰ্য্যক তীব্ৰ প্ৰতিবাদ জনাই ধেমাজি জিলা আৰু কেইবাটাও আঞ্চলিক সমিতিয়ে টাইপা সংগঠনৰ বিষয়ববীয়া গৰাকীৰ লগতে এই ঘটনাত জড়িত আটাইকেইজনৰ বিৰুদ্ধে মঙলবাৰে বিয়লি ২ বজাত সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি শীঘ্ৰেই গ্ৰেপ্তাৰ দাবী তুলিছে ৷

তেওঁলোকে এজেহাৰত উল্লেখ কৰামতে টাইপা লোককেইজনৰ উচতনিমূলক বক্তব্যই সমগ্র অসমতেই শান্তি-শৃংখলা, ঐক্য-সম্প্রীতি বিনষ্ট কৰাৰ গভীৰ আশংকাই দেখা দিছে।

শ্ৰীমন্ত শংকৰদেৱ সংঘ