/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/beb5fd1c-7b32-43de-8fff-be584a5d1549/cncr.jpg)
ছিপাঝাৰৰ লাওজানত কেঞ্চাৰ ৰোগৰ সজাগতা সভা
ডিজিটেল সংবাদ,মঙলদৈঃ দৰং জিলাৰ ছিপাঝাৰ লাওজানত ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থা,অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু দৰং কেঞ্চাৰ কেন্দ্ৰ আৰু আনন্দৰাম বৰুৱা একাডেমী, লাওজানৰ সহযোগত মঙ্গলবাৰে আনন্দৰাম বৰুৱা একাডেমীত এক সজাগতামূলক সভা অনুষ্ঠিত হয়।
সভাত কেঞ্চাৰ ৰোগৰ লগতে দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ অন্যান্য চিকিৎসা সেৱা সমুহৰ বিষয়ে ৰাইজক অৱগত কৰা হয়। সভাত উপস্থিত থাকি কেঞ্চাৰ ৰোগৰ লগতে অন্যান্য ৰোগৰ বিষয়ে বক্তব্য আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধ্যক্ষ ডা০ চৈয়দ ইফটিখাৰ চোভানী, ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কমলজিৎ শৰ্মা, দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়া, আনন্দৰাম বৰুৱা একাডেমী লাওজানৰ অধ্যক্ষ কোমল চন্দ্ৰ ডেকা, বিশিষ্ট ব্যক্তি খৰ্গেন নাথ,দূৰ্গেশ্বৰ নাথ আদিয়ে।
আনন্দৰাম বৰুৱা একাডেমী লাওজানৰ ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক, স্থানীয় ৰাইজৰ লগতে শতাধিক ব্যক্তি সভাখনত উপস্থিত থাকে। কেঞ্চাৰ সজাগতা সভা খনিৰ আঁত ধৰে ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চুমন বৰদলৈয়ে ।
এই সজাগতা সভাত উপস্থিত থাকে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক হৃদয় বৰুৱা, ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু আনন্দৰাম বৰুৱা একাডেমী লাওজানৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী বৃন্দ । অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ দৰং কেঞ্চাৰ কেন্দ্ৰত সকলো ৰোগীৰ চিকিৎসা সেৱা কম খৰছত উপলব্ধ সকলো চিকিৎসা পৰীক্ষা ক্ৰমে এম আৰ আই, চিটি স্কেন, এস্কৰে, তেজ পৰীক্ষা, মে'মগ্ৰাফী আদিৰ লগতে কেঞ্চাৰ ৰোগী সকলৰ কে'মো থেৰাপী,ৰেডি'য়েচন থেৰাপী উপলব্ধ বুলি সভাযোগে প্ৰচাৰ কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ বিষয়-ববীয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us