প্ৰতিমা বৰুৱা পাণ্ডেৰ সৃষ্টিৰাজিৰ স্বৰলিপি সংৰক্ষণৰ আহ্বান...

প্ৰতিমা বৰুৱা পাণ্ডেৰ সৃষ্টিৰাজিৰ স্বৰলিপি সংৰক্ষণৰ আহ্বান...

author-image
Asomiya Pratidin
New Update
প্ৰতিমা বৰুৱা পাণ্ডেৰ সৃষ্টিৰাজিৰ স্বৰলিপি সংৰক্ষণৰ আহ্বান...

প্ৰতিমা বৰুৱা পাণ্ডেৰ সৃষ্টিৰাজিৰ স্বৰলিপি সংৰক্ষণৰ আহ্বান...

ডিজিটেল সংবাদ বিলাসীপাৰাঃ সাংস্কৃতিক মহাসভা অসমৰ ধুবুৰী জিলা সমিতি আৰু বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰৰ যুটীয়া উদ্যোগত আজি গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।এই উপলক্ষে শিল্পী গৰাকীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে বিশিষ্ট লোক শিল্পী আব্দুল কৰিম খানে।

Advertisment

বন্তি প্ৰজ্বলন কৰে সাংবাদিক দয়াল পালে। ইয়াৰ পিছত অনুষ্ঠিত স্মৃতি চাৰণ সভাত ভাষণ দি শিল্পী গৰাকীৰ ঘনিষ্ঠ সমাজকৰ্মী আজাদ চৰকাৰে কয় যে, এই সৰল শিল্পী গৰাকীয়ে ঘাঁহৰ চাটনি কৰি খাই ভাল পাইছিল আৰু তাৰ সোৱাদ আছিল অপূৰ্ব।

সাংবাদিক দয়াল পালে কয়- প্ৰতিমা পাণ্ডেৰ বাদ্য যন্ত্ৰীসকলক আছিল অতি গৰীৱ আৰু সেইসকলেই আছিল তেওঁৰ হিয়াৰ আমঠু। বিশিষ্ট লেখক ড০ হৰিচৰণ দাসৰ সঞ্চালনত অনুষ্ঠিত এই স্মৃতি চাৰণ সভাত ড০ মুজ্জামিল হক, আলতাপ হুছেইন আহমেদ, শুভ বিৱাহ বিশ্বাস,মানৱ দাস প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

গোৱালপাৰীয়া গীতৰ শিল্পী শিল‌পী কৰিম খান, শুভ বিভাষ বিশ্বাস প্ৰমুখ্যে শিল্পীসকলে গোৱালপাৰীয়া লোকগীত পৰিৱেশন কৰে। ড০ হৰিচৰণ দাসে শিল্পীগৰাকীৰ গীতসমূহ স্বৰলিপিসহ সংৰক্ষণৰ বাবে প্ৰতিমা বৰুৱা পাণ্ডেৰ অনুৰাগী সকললৈ আহ্বান জনায়।

ক্লিক কৰি পঢ়কঃ চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত মহাপ্ৰতাপী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ! দুৰ্নীতিৰ তদন্তৰ নামত ভেকোঁভাওনা...

প্ৰতিমা বৰুৱা পাণ্ডে