/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9ab45949-42fa-4f49-9c37-3a8c0762d5af/chirang_27.jpg)
চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত মহাপ্ৰতাপী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ! দুৰ্নীতিৰ তদন্তৰ নামত ভেকোঁভাওনা...
ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জীৱন ফুকন ৰায়ৰ বিৰুদ্ধে কাৰ্যালয় চৌহদতে সংবাদ মাধ্যমৰ আগত মুকলিকৈ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আৰু সেই দুৰ্নীতি সংঘটিত কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ ৭ দিন উকলি গৈছে। আশ্চৰ্য্যজনক কথা যে, তাৰ পিছতো জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত জীৱন ফুকন ৰায়ৰ বিৰুদ্ধে নূন্যতম ব্যৱস্থা গ্ৰহণ কৰা নাই ।
অভিযোগকাৰী টেন্ট হাউচৰ স্বত্বাধিকাৰী আনন্দ সৰকাৰে যিদৰে মুকলিকৈ লাচিত দিৱসৰ পেণ্ডেল নিৰ্মাণ আৰু বিল আদায়ৰ নামত জীৱন ফুকন ৰায়ে তেখেতৰ সৈতে প্ৰবঞ্চনা কৰি পেণ্ডেলৰ টকা উদৰস্থ কৰাৰ অপচেষ্টা কৰিছিল সমগ্ৰ বিষয়টোক লৈ বিভিন্ন পক্ষৰ পৰা তদন্তৰ দাবী কৰা হৈছিল সেইমতে উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে বিভাগীয় তদন্তৰ কথা সংবাদ মাধ্যমৰ আগত ঘোষনা কৰিছিল ।
কিন্তু সাত দিন উকলি যোৱাৰ পিছতো দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত জীৱন ফুকন ৰায়ৰ প্ৰতি জিলা উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীৰ কৰি থকা ৰহস্যজনক ভূমিকাই সমগ্ৰ বিষয়টোক অধিক ৰহস্যৰ পিনে ঠেলি দিয়া পৰিলক্ষিত হৈছে। যাৰ কাৰণে আজি সমগ্ৰ বিষয়টোৰ সত্যাসত্য জানিবলৈ চিৰাঙৰ সংবাদ মাধ্যমৰ এটা প্ৰতিনিধি দলে উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীৰ সৈতে কাৰ্যালয়ত সাক্ষাৎ কৰে ।
জীৱন ফুকন ৰায়ৰ দুৰ্নীতিৰ অভিযোগ আৰু বাতৰি সন্দৰ্ভত উপায়ুক্ত গৰাকীয়ে যি ধৰণৰ উত্তৰ দিয়ে তাকে শুনি সংবাদ মাধ্যমৰ লোকসকলে কিছু সময়ৰ বাবে স্তম্ভিত হৈ পৰে। তেখেতে সংবাদ মাধ্যমৰ উক্ত বাতৰি চাই অতিৰিক্ত উপায়ুক্তক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে ।
কিন্তু কাৰ্য্যক্ষেত্ৰত জীৱন ফুকন ৰায়ৰ বিৰুদ্ধে বিভাগীয় বাবে একোৱেই ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই কাৰণ টেন্ট হাউচৰ স্বত্বাধিকাৰী আনন্দ সৰকাৰে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰাৰ বাহিৰে আজিলৈকে উপায়ুক্ত কাৰ্যালয়ত কোনো লিখিত অভিযোগ নকৰাৰ বাবেই হেনো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উপায়ুক্তগৰাকীয়ে সদৰি কৰে ।
উপায়ুক্তগৰাকীৰ এই উত্তৰত সন্তুষ্ট নোহোৱাত সাংবাদিকসকলে প্ৰশ্ন কৰে যে, লিখিত অভিযোগ নহ'লে জীৱন ফুকন ৰায়ৰ বিৰুদ্ধে উঠা দুৰ্নীতিৰ কোনো তদন্ত নহ'ব নেকি ? তাৰ কোনো সঠিক উত্তৰ দিব নোৱাৰি উপায়ুক্ত গৰাকীয়ে নাজিৰক মাতি আনি সংবাদ মাধ্যমৰ লোকৰ সন্মুখতে জীৱন ফুকন ৰায়ৰ বিৰুদ্ধে কিয় লিখিত অভিযোগ গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰাত নাজিৰে কয় আপোনালোকৰ পৰা মই কোনো লিখিত নির্দেশ নেপালে কেনেকৈ কাম কৰিম বুলি উত্তৰ দিয়াত কিছু সময়ৰ বাবে উপায়ুক্তগৰাকী অস্বস্তিত পৰি যায় ।
পিছ মুহূৰ্তৰ ভিতৰতে নিজকে চম্ভালি লৈ উপায়ুক্তগৰাকীয়ে টেন্ট হাউচৰ স্বত্বাধিকাৰী আনন্দ সৰকাৰৰ সৈতে যোগাযোগ কৰি এখন লিখিত অভিযোগ গ্ৰহণ কৰাৰ নিৰ্দেশ জাৰি কৰে নাজিৰক। চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ৰ ভিতৰচৰাত নজিৰ বিহীন ভাবে এজন লোকে মুকলিকৈ ওপৰৱালা বিষয়াৰ আশীৰ্বাদ পুষ্ট চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জীৱন ফুকন ৰায়ৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো জিলা উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীয়ে কিয় ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আছে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।
আচলতে ইয়াৰ আঁৰত অইন কোনো ৰহস্য লুকাই আছে নেকি ? কি কাৰণত এজনৰ পিছত এজন উপায়ুক্ত জিলাখনৰ পৰা বদলি হৈ যোৱাৰ পিছতো মহাপ্ৰতাপী জীৱন ফুকন ৰায়ৰ বিশেষ দায়িত্বপ্ৰাপ্ত চকী লৰচৰ কৰিব পৰা নাই, নে কেঁচু খান্দোতে সাপ ওলাই যোৱাৰ ভয়তে সমগ্ৰ বিষয়টোক তল পেলোৱাৰ চেষ্টা চলাই থকা হৈছে ।
ক্লিক কৰি পঢ়কঃ অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ পুনৰ জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ...