/asomiyapratidin/media/media_files/2025/01/16/AkWQuvgqqNG3ezwrWF6r.jpg)
কেবিনেট বৈঠক : মৰিগাঁৱৰ আৰ্থ সামাজিক বিকাশৰ বাবে ২৭০ কোটি টকাৰ অনুমোদন
ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰোপৰি উমৰাংছু’ৰ ঘটনাকলৈ বিশেষ আলোচনা কৰা হয়।
উল্লেখোগ্য যে বৈঠকখনত অধ্যক্ষতা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনি ৰূপায়নৰ বাবে ২০০০কোটিৰ অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ দ্বাৰা ২৭ লাখ মহিলা উপকৃত হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/media_files/2025/01/16/DO3XBCbZSFA0uxjIaMjJ.jpg)
একেদৰে মৰিগাঁৱৰ আৰ্থ সামাজিক বিকাশৰ বাবে ২৭০ কোটি টকাৰ অনুমোদন জনাই আজিৰ কেবিনেটে। আনহাতে আজি সন্ধিয়া ৭-০০ বজাত ঘোষণা কৰা হ’ব বিজেপিৰ ৰাজ্যিক সভাপতিৰ নাম। অৱশ্যে ৰাজ্যিক সভাপতি হ’লে নিৰ্বাচন খেলিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হ’লেই হ’ব পঞ্চায়ত নিৰ্বাচন। তাৰ আগেয়ে নিৰ্বাচন অনুষ্ঠিত নকৰে বুলি তেওঁ সংবাদমেলৰ জৰিয়তে উল্লেখ কৰে।
/asomiyapratidin/media/media_files/2025/01/16/SAcIqC23653lqTNAReYg.jpg)
ইফালে আজিৰ এই বৈঠকত উমৰাংছুৰ ঘটনাকলৈ বিশেষ আলোচনা কৰা হয়। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি উমৰাংছ’ৰ কয়লাখনি ঘটনাৰ ন্যায়িক তদন্ত কৰা হ’ব। তাৰোপৰি মৃতদেহ পোৱা পৰিয়াললৈ ১০ লাখ টকা আহবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। একেদৰে মৃতদেহ নোপোৱা সকলৰ পৰিয়ালেও লাভ কৰিব ১০ লাখকৈ টকা।
উমৰাংছুৰ ঘটনাৰ ন্যায়িক তদন্ত হ’ব অৱসৰপ্রাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত। তিনিমাহৰ ভিতৰত দাখিল কৰিব তদন্তৰ প্রতিবেদন। তাৰ বাবে ডি জি পিক এছ আই টি গঠনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। লগতে আগন্তুক কেবিনেট বৈঠক সন্দৰ্ভতো মন্তব্য কৰে ড০ শৰ্মাই। আগন্তুক কেবিনেট বৈঠক মাৰ্চ নতুবা এপ্রিল মাহত নগাঁৱত অনুষ্ঠিত হ’ব।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ এই কেবিনেট বৈঠকত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওগ আদি উপস্থিত থাকে।