কেবিনেট বৈঠক : ১২ আগষ্টৰ পৰা ৰাজ্যত নতুনকৈ ১০খন সম-জিলাৰ কাম আৰম্ভ কৰিব চৰকাৰে

বুধবাৰে আবেলিৰ ভাগত ডিব্রুগড় জিলাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত অনাগত দিনত সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়

author-image
Asomiya Pratidin
New Update
cabinet

ডিজিটেল ডেস্ক : বুধবাৰে আবেলিৰ ভাগত ডিব্রুগড় জিলাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত অনাগত দিনত সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই এক সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ সবিশেষ ৰাইজক অৱগত কৰে। 

Advertisment

আজিৰ এই কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ হৈছে অসম আৰক্ষীৰ বিভিন্ন কামৰ বাবে ‘মিছন মৈত্রী’ নামেৰে এখন ছ’চাইটি গঠন। এই মিছন মৈত্ৰীৰ বাবে ডেৰশ কোটি টকাৰ অনুমোদন জনাই ৰাজ্যিক কেবিনেটে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অহা ১২ আগষ্টৰ পৰা ৰাজ্যত নতুন ১০টা সম-জিলাৰ কাম আৰম্ভ কৰাৰ কথা অৱগত কৰে। তাৰোপৰি অসম পুলিচৰ বাবে অসম জিলা আৰক্ষী অধীক্ষকৰ ১০টা পদ সৃষ্টিতো অনুমোদন জনোৱাৰ কথা তেওঁ সংবাদমেলযোগে জানিবলৈ দিয়ে। 

আনহাতে এই ১০খন জিলাত কোন কোন মন্ত্রী যাব তাক নিৰ্ধাৰণ কৰে আজিৰ কেবিনেটে। উল্লেখযোগ্য যে, বকো-ছয়গাঁও সম জিলা উদ্বোধন কৰিব মন্ত্রী জয়ন্ত মল্লবৰুৱাই। একেদৰে পলাশবাৰী সম-জিলা উদ্বোধন কৰিব মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে। ৰঙাপাৰা সম-জিলা উদ্বোধন কৰিব মন্ত্রী পীযুষ হাজৰিকাই।

ইফালে বৰচলা সম-জিলা উদ্বোধন কৰিব মন্ত্রী অশোক সিংহালে, মৰিয়নী সম-জিলা উদ্বোধন কৰিব মন্ত্রী অজন্তা নেওগে, টীয়ক সম-জিলা মন্ত্রী অতুল বৰাই, মাকুম সম-জিলা মন্ত্রী বিমল বড়াই, ডিগবৈ সম-জিলা মন্ত্রী ৰূপেশ গোৱালাই উদ্বোধন কৰিব বুলি সংবামেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। 

তাৰোপৰি ধলাই সম- জিলা মন্ত্রী কৃষ্ণেন্দু পাল, দুধনৈ মন্ত্রী ৰণজিৎ‍ কুমাৰ দাসে উদ্বোধন কৰিব বুলি জনায়। আজিৰ এই কেবিনেটত লোৱা অন্যমত সিদ্ধান্ত হৈছে- শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা ২৭৫০ কোটি টকা ঋণ গ্রহণৰ সিদ্ধান্ত। ইয়াৰে ৯০% ধন কেন্দ্রই উভতাই দিব, অসমে মাত্র ২৭৫কোটি টকা উভতাই দিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

তাৰোপৰি শিক্ষকৰ বিজ্ঞান, গণিতৰ অনুশীলনকে ধৰি বিভিন্ন ক্ষেত্রত প্রয়োগ কৰা হ’ব। আনহাতে ৪০০খন বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে ৩-৫কোটি টকাকৈ ব্যয় কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে।  লগতে তেওঁ কয়-১,৭৩৩টা অংগনৱাড়ী কেন্দ্র ২৫লাখ টকাকৈ ব্যয় কৰি নিৰ্মাণ কৰা হ’ব।

ইফালে জাপানৰ ৩টা কোম্পানীয়ে জাপানীজ ভাষা শিকাব অসমীয়া শিক্ষাৰ্থীক। কেম্পানীকেইটা হৈছে এছিয়ান ওৱান কোম্পানী লিমিটেড, জেছিক ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাটনাৰ্ছ লিমিটেড। এইসকল শিক্ষাৰ্থীসকলক ডেৰ লাখকৈ টকা চৰকাৰে আগবঢ়াব। উল্লেখযোগ্য যে, প্রথম পৰ্যায়ত ৩হাজাৰ ল’ৰাক এই প্রশিক্ষণ প্রদান কৰা হ’ব বুলি তেওঁ জনায়। 

আনহাতে বিল্ডাৰৰ অধীনত নথকা ফ্লেটকো এতিয়াৰে পৰা বিধায়কসকলে ধন দিব পাৰিব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। মিছন বসুন্ধৰাৰ অধীনত পুনৰ ৫০০টা অনুষ্ঠানক ভূমি আৱণ্টন দিয়াৰ কথাও উল্লেখ কৰে সংবাদমেলত।

Dr. Himanta Biswa Sarma ASSAM CABINET cabinet meeting cabinet decision