/asomiyapratidin/media/media_files/2025/06/04/LY6ASFratO3CVHOAB0vH.jpg)
ডিজিটেল ডেস্ক : বুধবাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকত অনাগত দিনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি আজিৰ কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। আজিৰ কেবিনেটত লোৱা সিদ্ধান্ত মৰ্মে শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বিশ্ববিদ্যালয়খনত প্রযুক্তিগত ধাৰণাক গুৰুত্ব দিয়াৰ সিদ্ধান্ত লয় আজিৰ কেবিনেটে।
একেদৰে ডিমা হাচাও জিলাৰ ৫টা পথ নিৰ্মাণৰ কাৰণে পুঁজিৰ অনুমোদন জনায়। তাৰোপৰি ডিমা হাচাওৰ ৫টা পথ ৰাষ্ট্রীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
আনহাতে অসমৰ সকলো আৰক্ষী অধীক্ষকক এতিয়াৰে পৰা জনা যাব জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে। মুখ্যমন্ত্ৰী জীৱন অনুপ্রেৰণা আঁচনিৰ অনুমোদন জনাই আজিৰ এই কেবিনেটত।
একেদৰে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰা শিক্ষাৰ্থীলৈ আগবঢ়াব এককালীন সাহায্য। ২৫ হাজাৰ টকাকৈ আগবঢ়াব গৱেষক শিক্ষাৰ্থীলৈ, ইয়াৰ বাবে শীঘ্রেই আবেদনৰ বাবে খুলি দিব পৰ্টেল।