ডিজিটেল ডেস্ক : সোমবাৰে ডিব্ৰুগড়ত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অধ্যক্ষতা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে গুৱাহাটীস্থিত জনতা ভৱনৰ পৰা এই বৈঠকত ৯গৰাকী মন্ত্ৰীয়ে অনলাইনযোগে অংশগ্ৰহণ কৰে।
ইয়াৰ উপৰি মন্ত্ৰী ৰঞ্জিত দাসে বঙাইগাঁৱৰ পৰা আৰু কৌশিক ৰায়ে শিলচৰৰ পৰা বৈঠকত সংযুক্ত হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজিৰ এই বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
আজিৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ হৈছে – বিনাবেতনে কাম কৰি থকা গাঁওবুঢ়াসকলে লাভ কৰিব দৰমহা। বনগাঁৱৰ গাওঁবুঢ়াসকলে লাভ কৰিব চৰকাৰী দৰমহা। ৯ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব এই দৰমহা। উল্লেখযোগ্য যে অসমত বনগাঁও (ফৰেষ্ট ভিলেজ) আছে ১,৪৫০ খন। এই গাঁওকেইখনৰ গাঁওবুঢ়াসকলে লাভ কৰিব দৰমহা তথা মাননি।
ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে আছাম স্কীল চেণ্টাৰ স্থাপনৰ বাবেও কেবিনেট বৈঠকত লোৱা হৈছে সিদ্ধান্ত। ইয়াৰ জৰিয়তে অসমৰ যুৱক- যুৱতীসকলে লাভ কৰিব কৰ্মসংস্থাপনৰ সুবিধা। আছাম স্কীল চেণ্টাৰৰ মূল কেন্দ্ৰ স্থাপন হ’ব গুৱাহাটীত।
আনহাতে ২০২৫ বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে অৰুণোদয় আঁচনি সন্দৰ্ভতো লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ড০ শৰ্মাই। এই আঁচনিৰ অধীনত ধন লোৱা চৰকাৰী কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰা হ’ব বিহিত ব্যৱস্থা।
চৰকাৰী সূত্ৰে জনোৱা অনুসৰি ৬৮২জন নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লৈ আছে। এই আটাইকেইগৰাকীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু প্ৰশান্ত ফুকন।