কেবিনেট বৈঠকঃ পৰ্যটন ক্ষেত্ৰলৈ অভূতপূৰ্ব পৰিবৰ্তন ! দিলে উদ্যোগৰ স্বীকৃতি...

কেবিনেট বৈঠকঃ পৰ্যটন ক্ষেত্ৰলৈ অভূতপূৰ্ব পৰিবৰ্তন ! দিলে উদ্যোগৰ স্বীকৃতি...
কেবিনেট বৈঠকঃ পৰ্যটন ক্ষেত্ৰলৈ অভূতপূৰ্ব পৰিবৰ্তন ! দিলে উদ্যোগৰ স্বীকৃতি...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক আজি অনুষ্ঠিত হৈ যায়। এই বৈঠকত গ্ৰহণ কৰা হৈছে মূলতঃ দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰিছে।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰা অনুসৰি কেবিনেটে অসম পৰ্যটনক উদ্যোগৰ স্বীকৃতি প্ৰদান কৰিছে। পৰ্যটনৰ লগত জড়িত সকলো ব্যৱস্থাক উদ্যোগ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

আনহাতে অসম চৰকাৰে জাগীৰোডত যি চেটেলাইট চিটি নিৰ্মাণ কৰাৰ চিন্তা চৰ্চা কৰিছে সেই চিন্তাক ফলপ্ৰসূ কৰি তুলিবলৈ পাৰম্ভিক পৰ্যায়ত দল সংগঠনৰ লগত আলোচনা আৰম্ভ কৰিছে বুলিও উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

অসমৰ পৰ্যটন ক্ষেত্ৰক উদ্যোগ হিচাপে ঘোষণাৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, পৰ্যটনৰ লগত জড়িত সকলো ব্যৱস্থাকে উদ্যোগ বুলি ধৰা হ'ব । হোটেল, লজ, বাংলো, ৰেষ্টুৰেণ্ট, স্পা, টুৰ অপাৰেটৰ চাৰ্ভিছ, ৰোপৱে, amusement park সকলোকে উদ্যোগ বুলি ধৰা হ'ব ।

এই সকলোবোৰ ক্ষেত্ৰই উদ্যোগৰ স্বীকৃতি লাভ কৰিব। ইয়াৰ বাবে পাবলগীয়া সকলো সা-সুবিধা লাভ কৰিব। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক অসমৰ পৰ্যটনৰ বাবে অভূতপূৰ্ব পৰিৱৰ্তন আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।

তেওঁ কয়, পূৰ্বে কেৱল ৩ তাৰকা যুক্তৰ ওপৰৰ হোটেল সমূহকহে পৰ্য্টন উদ্যোগত ধৰা হৈছিল । এতিয়াৰে পৰা ইয়াৰ পৰিৱৰ্তন হ'ব। এই উদ্যোগৰ লগত জড়িত সকলোৱে ঔদ্যোগিক বিনিয়োগ, ইনছেনটিভ আৰু চাবসিদি সকলো লাভ কৰিব ।

ইফালে চেটেলাইট টাউনশ্বিপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, প্ৰাৰম্ভিক ভাৱে জাগীৰোডত চেটেলাইত টাউনশ্বিপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ বাবে বহু কেইখন আইন ৰিপীলিং কৰা আৰু বহু কেইখন আইন decriminalization কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

পেপাৰ মিলৰ ৫৫০ একৰ মাটিত চেটেলাইট টাউনশ্বিপৰ কাম আৰম্ভ কৰাৰ প্ৰাৰম্ভিক চিন্তা-চৰ্চা কৰা হৈছে । পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু দল সংগঠনৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মতে এই সিদ্ধান্তৰ ফলত বিনিয়োগ বৃদ্ধি পাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in