/asomiyapratidin/media/media_files/2025/06/22/217-2025-06-22-19-32-40.jpg)
ডিজিটেল ডেস্ক : দেওবাৰে বিয়লিৰ ভাগত দিশপুৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত অধ্যক্ষতা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
উক্ত বৈঠকত অনাগত দিনত অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হয়। কেবিনেট বৈঠক সম্পন্ন হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।
আজিৰ এই কেবিনেটত হোৱা আলোচনা মৰ্মে বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ যুৱক-যুৱতীৰ মৃতদেহ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা অৱগত কৰে। ৰাজ্য চৰকাৰৰ খৰচত লৈ অনা হ’ব মৃতদেহ। উল্লেখযোগ্য যে, ‘শ্রদ্ধাঞ্জলি’ নামেৰে আৰম্ভ হ’ব এই আঁচনিখন। তাৰোপৰি এই আঁচনিখন অসম আৰক্ষীয়ে চোৱাচিতা কৰিব বুলি জনায়।
আজিৰ এই বৈঠকত লোৱা আন এক সিদ্ধান্ত হৈছে- ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা লোকসকলৰ বাবে বিশেষ পদক্ষেপ। ৰাভা উন্নয়ন পৰিষদ গঠনত অনুমোদন জনাই আজিৰ কেবিনেটে।
ইফালে অংগনৱাড়ী ছুপাৰভাইজাৰ পদৰ ক্ষেত্রত নতুন নিয়ম প্ৰযোজ্য কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। অসমৰ তৃতীয় লিংগৰ লোকৰ বাবে বিশেষ সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰি তেওঁলোকৰ বাবে পৰিচয় পত্র প্রদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি অৱগত কৰে।
উল্লেখযোগ্য যে, মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কতো মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰান্ধনীসকলৰ দৰমহা ২ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হয়। উল্লেখযোগ্য যে, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব ৰান্ধনীসকলৰ দৰমহা। ৰাজ্য চৰকাৰে ইয়াৰ বাবে ব্যয় কৰিব ৮ কোটি টকা।
উৰপদ বিলক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰৰ সিদ্ধান্তও গ্ৰহণ কৰে আজিৰ কেবিনেটে। একেদৰে গোৱালপাৰা হাচিলা বিলকো সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰৰ প্রস্তাৱ গ্ৰহণ কৰাৰ কথা সংবাদমেলযোগে জনায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই।