/asomiyapratidin/media/media_files/2025/02/23/KTuy3yEeMeMAmkPQlVy9.jpg)
কেবিনেটৰ সিদ্ধান্ত
ডিজিটেল ডেস্ক : দেওবাৰে দিশপুৰস্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। এই বৈঠকত অনাগত দিনৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।
বৈঠকত গ্ৰহন কৰা সিদ্ধান্তসমূহ হৈছে :
ষষ্ঠ অসম বিত্ত আয়োগৰ কাৰ্যকাল ৩১মাৰ্চ ২০২৬লৈ বৃদ্ধি কৰা হ’ব।
- ডিব্রুগড়, শিৱসাগৰৰ আন্তঃগাঁথনিৰ বাবে ৫৫কোটি নেশ্যনেল হাউছিং বেংকৰ পৰা ঋণ লোৱা হ’ব।
- ডিব্রুগড়ৰ আমোলাপট্টীৰ উৰণ সেতুৰ বাবে ১৫৭ কোটি টকাৰ অনুমোদন।
- ইয়াৰ উপৰি অসম চৰকাৰৰ বায়’টেকন’লজি পলিচিৰ কিছু সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
- টেক্সটাইল এণ্ড এপাৰেল পলিচি ২০২৫ত অনুমোদন কেবিনেটৰ।
- মেডিকেল কলেজৰ পঞ্জীয়ক হিচাপে যোগদান কৰিলে দৰমহাৰ উপৰিও লাভ কৰিব একোখনকৈ বাহন।
- এই বাহনৰ বাবে বেংকৰ জৰিয়তে চৰকাৰে ১৫ লাখ টকাকৈ দিব।
- আনহাতে মূলধন চিকিৎসকগৰাকীয়ে দিব আৰু ঋণৰ ধন চৰকাৰে দিব।
- একেদৰে ৰাষ্ট্রীয় পৰ্যায়ৰ সন্মিলনত অংশগ্রহণৰ বাবে সকলো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে।
- এছিয়াৰ যিকোনো এখন দেশত সন্মিলনত অংশগ্রহণ কৰিব পাৰিব আৰু ইয়াৰ বাবেও চৰকাৰে খৰচ বহন কৰিব।
- প্রতি ৩বছৰৰ অন্তত ইউৰোপ বা আমেৰিকাত শৈক্ষিক সন্মিলনত অংশ ল’ব পাৰিব।
- ইয়াৰ খৰচো ৰাজ্য চৰকাৰে বহন কৰিব বুলি অৱগত কৰে।
- উল্লেখ্য যে পূৰ্বে এই সুবিধা কেৱল এইমছতহে আছিল।
- এতিয়াৰে পৰা মেডিকেল কলেজৰ অধ্যাপকসকলেও এই সুবিধা লাভ কৰিব।
ইফালে উক্ত বৈঠকতে ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীক লৈ মুখ্যমন্ত্রীয়ে কেতবোৰ ঘোষণা কৰে। ঝুমইৰৰ মূল অনুষ্ঠান সন্ধিয়া ৫.৩০ বজাত আৰম্ভ হ’ব। এই অনুষ্ঠান উপভোগ কৰাৰ বাবে ৩.৩০ বজাত দৰ্শকে প্রৱেশ কৰিব লাগিব।
আনহাতে মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, এখন বিশেষ বাহনত সৰুসজাই ষ্টেডিয়াম পৰিভ্রমণ কৰিব প্রধানমন্ত্রীয়ে। মুখ্যমন্ত্রীৰ ভাষণ, প্রধানমন্ত্রীৰ ভাষণৰ পিছত ঝুমুৰ প্রদৰ্শন হ’ব। তাৰোপৰি উক্ত অনুষ্ঠানতে অসমৰ কলা-সংস্কৃতি প্রদৰ্শনৰ বাবে এক লেজাৰ শ্ব’ প্রদৰ্শন কৰা হ’ব।
এই অনুষ্ঠানলৈ বিভিন্ন ৰাষ্ট্রৰ ৬১গৰাকী ‘হেড অৱ মিছন’ আহিব। দেওবাৰে গধূলি যোৰহাটত উপস্থিত হ’ব দলটো। একেদৰে সোমবাৰে তেওঁলোক গুৱাহাটীলৈ উভতি আহিব আৰু সৰুসজাইৰ পৰা পোনে পোনে খানাপাৰালৈ আহিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেলত উল্লেখ কৰে।
আনহাতে ঝুমইৰ কাৰ্যসূচীৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এডভাণ্টেজ আসাম ২.০ৰ প্ৰদৰ্শনীও উপভোগ কৰিব বুলি ড০ শৰ্মাই অৱগত কৰে। ৭খন ৰাষ্ট্রৰ বিশেষ প্রতিনিধি দল উপস্থিত থাকিব এডভাণ্টেজ আসাম ২.০ত। সোমবাৰে সন্ধিয়া প্রধানমন্ত্রীয়ে প্রদৰ্শনী উদ্বোধন কৰিব আৰু ছেমিকণ্ডাক্টৰৰ ২৬ ফেব্রুৱাৰীৰ বিশেষ সভা ২৫ ফেব্রুৱাৰীতে অনুষ্ঠিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৰ বাবে এই অনুষ্ঠানৰ কিছু সাল-সলনি কৰাৰ কথাও সংবাদমেলযোগে জানিবলৈ দিয়ে। ইফালে আজিৰ কেবিনেটে ১.২২ লাখ কোটি টকাৰ বিনিয়োগত অনুমোদন জনায়। আজিয়েই এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হ’ব বুলি তেওঁ জনায়।
উল্লেখযোগ্য যে এডভাণ্টেজ আসামত কেইবাটাও পৰ্যায়ত স্বাক্ষৰিত হ’ব আন বহু বুজাবুজি চুক্তি। ২,৫৯০খন সৰু চুক্তি জিলা আয়ুক্তৰ জৰিয়তে সম্পন্ন হ’ব। অতিৰিক্ত ১৫,৯১১ কোটিৰ এনেকুৱা চুক্তি এই পৰ্যন্ত নিশ্চিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
সংবাদমেলৰ শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো জনাই যে, ৩৫০গৰাকী অতিথিয়ে ঝুমুৰ অনুষ্ঠান চাবলৈ আগ্রহ প্রকাশ কৰিছে। এই অনুষ্ঠান ৰাজ্যৰ ৮০০খন বাগিচাত দেখুওৱাৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।