কেবিনেটৰ সিদ্ধান্তঃ 'অৰুণোদয়'ৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হ'ব ২৭.৭৭ লাখলৈ !

কেবিনেটৰ সিদ্ধান্তঃ 'অৰুণোদয়'ৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হ'ব ২৭.৭৭ লাখলৈ !
কেবিনেটৰ সিদ্ধান্তঃ 'অৰুণোদয়'ৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হ'ব ২৭.৭৭ লাখলৈ !

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শিলচৰত অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকৰ পিছতে উপয়ুক্ত কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট সিদ্ধান্তসমূহ ঘোষণা কৰে। সেই অনুসৰি অৰুণোদয় ২.০ত ১০.৫৮ লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব।

দৰিদ্ৰতা নির্মূলকৰণ আৰু মহিলা সবলীকৰণৰ প্ৰচেষ্টাক উন্নীত কৰাৰ প্ৰয়াসেৰে অৰুণোদয় ২.০ ত প্ৰায় ১০.৫৮ লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্তকৰণৰ লগে লগে এই আঁচনিৰ হিতাধিকাৰীৰ মুঠ সংখ্যা হ'ব ২৭.৭৭ লাখলৈ।

আনহাতে দীনদয়াল দিব্যাংগজন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীক অৰুণোদয় ২.০৩ অন্তর্ভুক্তকৰণৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৰুণোদয় ২.০ৰ বাবে আবেদন প্রক্রিয়া ২০২৩ চনৰ ৭ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াক ২০২৩ চনৰ এপ্ৰিলত ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ বাবে বাৰ্ষিক ব্যয় হ'ব ৪০০০ কোটি টকা।

ভূমি আবণ্টন সম্পৰ্কেও আজিৰ কেবিনেটত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটে বিভিন্ন জিলাত থকা ২৮খন শিক্ষানুষ্ঠান (চৰকাৰী/ব্যক্তিগত), ৮৭টা চৰকাৰী প্ৰতিষ্ঠান আৰু ১১৬টা বেচৰকাৰী সংস্থা স্থাপনৰ বাবে ভূমি আবণ্টন দিছে।

কামৰূপ (ম) আৰু কামৰূপ জিলাৰ ১১গৰাকী আবণ্টন প্ৰমাণপত্ৰধাৰীৰ আবণ্টিত ভূমি পর্যায়ক্রমিক পট্টালৈ ৰূপান্তৰকৰণৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰোপৰি বিভিন্ন জিলাত ৮০টা বার্ষিক পট্টা পর্যায়ক্রমিক পট্টালৈ ৰূপান্তৰকৰণ কৰা হৈছে।

উল্লেখ্য যে পৰ্যায়ক্ৰমিক পট্টাৰ বাবে এই অনুষ্ঠানসমূহে কেইবাদশক ধৰি অনুমোদনৰ বাবে অপেক্ষা কৰি আছিল। কেবিনেটে উল্লেখ কৰা অনুসৰি ১৯৯০ চনৰ পৰা তিনিচুকীয়াৰ ৰামপুৰ বাগান এল পি স্কুল আৰু ১৯৯৪ চনৰ পৰা ডিব্ৰুগড়ৰ দুলীয়াজানৰ ছেইণ্ট জেভিয়াৰ এম ই স্কুলে এনে পট্টাৰ বাবে অপেক্ষা কৰি আছিল।

কেবিনেটে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ গাঁওসমূহ প্রশাসনিক সুবিধাৰ বাবে মাজুলী জিলাৰ অধিকাৰ ক্ষেত্ৰৰ পৰা গোলাঘাট জিলালৈ স্থানান্তৰ কৰা হ'ব।

ইফালে গুৱাহাটীৰ যাতায়াত ব্যৱস্থাৰ শিথিলকৰণৰ বাবেও আজিৰ কেবিনেটে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি গুৱাহাটীত নিৰ্মাণ কৰিব তিনিখন নতুন উৰণীয়া সেতুৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদনত অনুমোদন দিয়া হৈছে।

এই তিনিখন উৰণীয়া সেতু ক্ৰমে ডাউনটাউন হাস্পতালৰ সমীপত, গুৱাহাটী-গড়ভঙা পথৰ চাইকেল ফেক্টৰী জংচন আৰু কুমাৰপাৰা-ফটাশিল পথত নিৰ্মাণ কৰা হ'ব।

কেইমাহ মানৰ পূৰ্বে গ্রীনফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ বাবে ডলু চাহ বাগিচাত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। এই উচ্ছেদিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত।

আজিৰ কেবিনেট বৈঠকত ইতিমধ্যে অনুমোদিত ১,২৬৩টা শ্রমিক পৰিয়ালৰ উপৰিও ডলু চাহ বাগিচাৰ ৩৩গৰাকী কৰ্মচাৰীক ১ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আনহাতে বৰ্ধিত পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে আজিৰ কেবিনেটে জিলা পথ সুৰক্ষা সমিতিৰ গঠনৰ বিকল্প হিচাপে অসম পথ সুৰক্ষা ব্যৱস্থাপনা আৰু পুঁজি নিয়ন্ত্রণ নিয়মাৱলী, ২০১৮ সংশোধনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে এই সমিতি তথা পথ সুৰক্ষা ব্যৱস্থাপনা আৰু পুঁজি নিয়ন্ত্ৰণ নিয়মাৱলী ২০১৮ ৰ অধীনত পথ দুৰ্ঘটনাৰ সময়ে সময়ে পর্যালোচনা কৰে আৰু জিলা ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ সিদ্ধান্ত কার্যকৰী কৰে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি জিলা পথ সুৰক্ষা সমিতিয়ে প্রয়োজন অনুসৰি আৰু পথ সুৰক্ষা পুঁজি বিতৰণৰ বাবে নোডেল ব'ডী হিচাপে কাম কৰিব আৰু প্ৰয়োজন অনুসৰি ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ সৈতে যোগাযোগ কৰিব পাৰিব।

এই সিদ্ধান্তই পথ দুর্ঘটনা হ্ৰাস কৰাৰ লগতে জনসাধাৰণৰ পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত সহায় কৰিব বুলি কেবিনেটে আশা প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in