৯ ডিচেম্বৰৰ পৰা অষ্টলক্ষ্মী সন্ত বিচাৰ সন্মিলন...

৯ ডিচেম্বৰৰ পৰা অষ্টলক্ষ্মী সন্ত বিচাৰ সন্মিলন
৯ ডিচেম্বৰৰ পৰা অষ্টলক্ষ্মী সন্ত বিচাৰ সন্মিলন

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী বিষ্ণুদেৱ বাৰ্মাই দিল্লীত অনুষ্ঠিত এক সংবাদ মেলৰ জৰিয়তে অষ্টলক্ষ্মী সন্ত বিচাৰ সন্মিলনৰ আয়োজন কৰাৰ কথা ঘোষণা কৰিছে।  অহা ৯ আৰু ১০ ডিচেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব এই  সন্মিলন।

সন্মিলনৰ মূল উদ্দেশ্য হৈছে সংস্কৃতি আৰু ধৰ্মীয় বিষয়ৰ আদান-প্ৰদান। উপ-মুখ্যমন্ত্ৰী বিষ্ণুদেৱ বাৰ্মাই দিল্লীত এই বিষয়ত সংবাদ মেলৰ জৰিয়তে কয় যে, অষ্টলক্ষ্মী সন্ত বিচাৰ সন্মিলন হ'ব মিলন বসুধৈৱ কুটুম্বকমৰ প্ৰতীক।

দিল্লীৰ সংবিধান ক্লাবত অনুষ্ঠিত সংবাদমেলখনত তেওঁ কয়- এই সন্মিলনে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আধ্যাত্মিক চিন্তা-ভাবনা জাগ্ৰত কৰিব। ত্ৰিপুৰা চৰকাৰৰ পৰ্যটন বিভাগে অমৰবাণী ইভেণ্ট ফাউণ্ডেচন আৰু সিন্ধু মুন প্ৰাইভেট লিমিটেডৰ সৈতে যুটীয়াভাৱে ৯ ডিচেম্বৰৰ পৰা ত্ৰিপুৰাৰ আগৰতলাত এই সন্মিলনৰ আয়োজন কৰিছে৷

এই সন্মিলনৰ জৰিয়তে কোলাপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অষ্টলক্ষ্মী জাগৰৰ প্ৰথম বিশ্ব সাহিত্য সন্মিলনৰ এক বিশাল প্ৰতিকৃতি ৷ এই সমাৱেশৰ জৰিয়তে সৰ্বে ভৱন্তু সুখীনা সুৰৱে সন্তু নিৰাময় বাৰ্তা প্ৰদান কৰা হ'ব বুলিও সংবাদ মেলখনত অৱগত কৰে  অধ্যক্ষ হৰিভক্ত পৰায়ণ ন্যায়াধীশ ড০ মদন মহাৰাজ গোসাৱীয়ে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সন্ত সাহিত্যৰ পণ্ডিতসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি এই সন্মিলনত উপস্থিত থাকিব কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আন আন মন্ত্ৰীসকলে।

 এই সন্মিলনত বিদেশী বুদ্ধিজীৱীসকলৰ দ্বাৰা আধ্যাত্মিকতা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লোক কলা উপস্থাপনৰ ওপৰত সাধু চিন্তাধাৰাৰ আলোচনাচক্ৰও অনুষ্ঠিত কৰা হ'ব। সংবাদমেলত ঘোষণা কৰা অনুসৰি ৯ ডিচেম্বৰৰ প্ৰথম দিনৰ প্ৰথমখন আলোচনা সন্মিলনত ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত আধ্যাত্মিক পৰম্পৰা আৰু অনুশীলন সন্দৰ্ভত আলোচনা হ’ব।

দ্বিতীয়খন আলোচনা সন্মিলনত ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰম্পৰাগত শিপা অনুসৰণ কৰা – যোগিক, তান্ত্ৰিক আৰু চিকিৎসা পৰম্পৰাৰ ইতিহাস সম্পৰ্কে আলোচনা হ’ব। সন্ধিয়ালৈ অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক দলে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব।

সন্মিলনৰ দ্বিতীয় দিনটোত ১০ ডিচেম্বৰৰ প্ৰথমখন আলোচনা চক্ৰৰ বিষয় উত্তৰ-পূব ভাৰত- তীৰ্থযাত্ৰা আৰু পৰ্যটনৰ সুযোগ। ইয়াৰ পিছত অনুষ্ঠিত হ'ব আন দুখন আলোচনা চক্ৰ। সামৰণি অনুষ্ঠানত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।সন্ধিয়ালৈ অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান।

 ক্লিক কৰি পঢ়কঃ তিনিদিনীয়া কাৰ্য্যসূচীৰে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in