ভোটযুদ্ধঃ দেশৰ ৭ৰাজ্যত আজি উপ নিৰ্বাচন...

ভোটযুদ্ধঃ দেশৰ ৭ৰাজ্যত আজি উপ নিৰ্বাচন...

author-image
Asomiya Pratidin
New Update
ভোটযুদ্ধঃ দেশৰ ৭ৰাজ্যত আজি উপ নিৰ্বাচন...

ডিজিটেল ডেস্কঃ দেশৰ ৭ৰাজ্যত আজি অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। পুৱা ৭বজাৰ পৰা শান্তিপূৰ্ণভাৱে আটাইকেইখন ৰাজ্যতে চলি আছে ভোটগ্ৰহণ। সন্ধিয়া ৬বজালৈকে চলিব এই ভোটদান প্ৰক্ৰিয়া। বিহাৰৰ এখন আসনৰ পৰিৱৰ্তে পশ্চিম বংগত ৪খন, উত্তৰাখণ্ডত ২খন, মধ্য প্ৰদেশত ১খন, পাঞ্জাৱত ১খন, তামিলনাডুত ১ আৰু হিমাচলত ৩খন আসনত অনুষ্ঠিত হৈছে এই উপ নিৰ্বাচন।

Advertisment

বিহাৰৰ ৰুপলী সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত ১১গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩লাখৰো অধিক ভোটাৰে। ইফালে হিমাচল প্ৰদেশত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিঙৰ পত্নীও প্ৰতিদ্বন্দ্বিতা কৰিছে এই উপ নিৰ্বাচনত। পশ্চিম বংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগদা আৰু মানিকতলাত অনুষ্ঠিত হৈছে উপনিৰ্বাচন। মধ্য প্ৰদেশৰ অমৰৱাড়া, তামিলনাডুৰ বিক্ৰাবণ্ডী, পাঞ্জাৱৰ পশ্চিম জলন্ধৰত অনুষ্ঠিত হৈছে এই উপ নিৰ্বাচন।

এই উপনিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ১৩জুলাই।

Also Read: ভয়ংকৰ পথ দুৰ্ঘটনা, ১৮গৰাকী যাত্ৰী নিহত...

উপ নিৰ্বাচন