/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/707826a7-b605-43e7-8e18-cb4144e0fc53/burmese_supari.jpg)
ডিজিটেল সংবাদ, ৱাখা : নাগালেণ্ডৰ ভাণ্ডাৰীৰ মহকুমা আৰক্ষী আৰু ৪৫ নং আছাম ৰাইফলছে যৌথ অভিযান চলাই মেৰাপানী সমীপৰ য়িম্বাচা ফুটহিলছৰ পৰা প্ৰায় ৫ কোটি টকাৰ তিনিখন বাৰ্মিজ চুপাৰী ভৰ্তি জব্দ কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে তিনিখন ট্ৰাকত ৮০ ওজনৰ প্ৰায় ৬৮০বেগ চুপাৰী তামোল আছিল । চুপাৰী খিনিৰ বজাৰ মূল্য প্ৰায় ৫.৫ কোটি টকা । পিছত আৰক্ষীয়ে বাৰ্মিজ চুপাৰীখিনি ডিমাপুৰৰ শুল্ক বিভাগক গতাই দিয়ে ।
উল্লেখযোগ্য যে অসম আৰক্ষীৰ নাকা চেকিঙৰ বাবে ডিমাপুৰৰ পৰা কাৰ্বি আংলং হৈ অবৈধ বাৰ্মিজ চুপাৰী সৰবৰাহ বন্ধ হৈ পৰাৰ বাবে চতুৰ বেপাৰীয়ে পথ সলনি কৰি ৱাখা মেৰাপানী পথেৰে সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে ।
আৰু পঢ়ক : ভুলবশত: ৰূপকোঁৱৰৰ মহাপ্ৰয়াণৰ দিনটো জন্মদিন বুলি লিখা হ'ল...